জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যা

জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  জ্যেষ্ঠ সাংবাদিক বিকাশ মৰাণৰ আত্মহত্যা।এই ঘটনাই হতচকিত কৰি তুলিছে তিনিচুকীয়াৰ লগতে ৰাজ্যৰ সংবাদ মহলক৷তিনিচুকীয়া জিলাৰ মাকুমৰ নিজ বাসগৃহত নিজৰ পিষ্টলেৰে মূৰত গুলিয়াই আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লয় সাংবাদিকগৰাকীয়ে৷ কেইবাটাও চেটেলাইট চেনেলত উজনিৰ হৈ প্ৰতিনিধিত্ব কৰা বিকাশ মৰাণ আছিল ইলেকট্ৰনিক মিডিয়া ফৰামৰো প্ৰতিষ্ঠাপক।উজনি অসমৰ প্ৰথমগৰাকী ইলেকট্ৰনিক মাধ্যমৰ সাংবাদিক আছিল মৰাণ। নিশা প্ৰায় ১২.৩০বজাত নিজৰ শুৱনি কোঠাত ৰহস্যজনকভাৱে আত্মহননৰ দৰে পথ বাচি লয় সাহসী সাংবাদিকগৰাকীয়ে।মৰাণৰ ৰহস্যজনক এই মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।সামাজিকভাৱে অতিকৈ সচেতন সাংবাদিক গৰাকীৰ মৃত্যুত এতিয়া ৰাজ্যৰ সংবাদ মহলত শোকৰ ছাঁ পৰিছে। বিকাশ মৰাণে ব্যৱহাৰ কৰা পিষ্টলটো ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিছে৷আৰক্ষীৰ তদন্তৰ পিছত পোহৰলৈ আহিব ঘটনাৰ ৰহস্য।