জ্ঞানপীঠ বঁটা আৰু কবি নীলমণি ফুকন- বন্দিতা শৰ্মা কন্দলি

PCNEZINE

জ্ঞানপীঠ বঁটা আৰু কবি নীলমণি ফুকন

ভাৰতৰ সৰ্ব্বোচ্চ সাহিত্য সন্মান টোৱেই হৈছে জ্ঞানপীঠ বঁটা। এই বঁটা প্ৰদান কৰা হয় দা টাইমছ অফ ইণ্ডিয়া বাতৰি কাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা। এই বঁটা আৰম্ভ কৰা হয় ১৯৬১ চনত। ভাৰতীয় সংবিধানৰ অন্তৰ্ভুক্ত হোৱা ভাষা সমূহৰ যিকোনো ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা বিশিষ্ট সৃষ্টিশীল কৰ্মৰ বাবে প্ৰতিবছৰে এই বঁটা নিদ্দিষ্ট লেখকজনক প্ৰদান কৰা হয়। জ্ঞানপীঠ শব্দৰ অৰ্থ হৈছে জ্ঞানৰ বেদী। সেয়ে বঁটা প্ৰদানৰ ক্ষেত্ৰত লেখক জনৰ সামগ্ৰিক সাহিত্যকৃতিৰ মূল্যায়ন কৰা হয়। এই বঁটাত আছে নগদ পাঁচ লাখ টকা, এখন মানপত্ৰ আৰু সৰস্বতীৰ এটি ব্ৰঞ্জৰ মূৰ্তি।”জ্ঞানপীঠ বঁটা” ৰে সন্মানিত হোৱা প্ৰথম জন অসমীয়া হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, দ্বিতীয় মামণি ৰয়ছম গোস্বামী আৰু তৃতীয় জন হৈছে বিশিষ্ট কবি নীলমণি ফুকন।
১৯৩৩ চনৰ ১০ ছেপ্টেম্বৰত গোলাঘাট জিলাৰ দেৰগাঁওত নীলমণি ফুকন ককাৰ জন্ম হয়। দেৰগাঁৱতে স্কুলীয়া শিক্ষা আৰম্ভ কৰা ফুকন ককাই ১৯৫০ চনত প্ৰবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ১৯৫৭ চনত কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।১৯৬০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৬৪ চনত আৰ্য বিদ্যাপীঠ কলেজৰ ইতিহাস বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰে।১৯৬৬ চনত মণিদীপ আলোচনী সম্পাদনা কৰে। ১৯৭২ চনত অসম সাহিত্য সভাই প্ৰদান কৰা “ৰঘুনাথ চৌধাৰী বঁটা” ,১৯৮০ চনত কবিতা নামৰ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা,১৯৯০ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী সন্মান প্ৰদান কৰে। ১৯৯২ চনত আৰ্য বিদ্যাপীঠ কলেজৰ ইতিহাস বিভাগৰ মুৰব্বী পদৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেখেতৰ কবিতা সংকলন সমূহ হ’ল– সূৰ্য্য হেনো নামি আহে এই নদীয়েদি,নিৰ্জনতাৰ শব্দ আৰু কি নৈঃশব্দ,ফুলি থকা সূৰ্য্যমুখী ফুলটোৰ ফালে, কাঁইট গোলাপ আৰু কাঁইট, গোলাপী জামুৰ লগ্ন, কবিতা, নৃত্যৰতা পৃথিৱী, সাগৰ তলিৰ শঙ্খ আৰু অলপ আগতে আমি কি কথা পাতি আছিলোঁ। অনূদিত কাব্য সংকলন কেইখন হৈছে– জাপানী কবিতা,গাৰ্থিয়া লৰকাৰ কবিতা আৰু অৰণ্যৰ গান। ইয়াৰ উপৰিও তেখেতে ১৯৯১ চনত ছগল লাল জৈন বঁটা,১৯৯৭ চনত অসম উপত্যকা সাহিত্য বঁটা আৰু সাহিত্য অকাডেমি ৰ ফালৰ পৰা ২০০২ চনত শ্ৰেষ্ঠ সাহিত্যিক সন্মান সাহিত্য অকাডেমি ৰ ফেলʼ প্ৰদান কৰা হয়।২০১৯ বৰ্ষৰ ১৯ আগষ্টত ডিব্ৰুগড় বিশ্ববিদ্যালয়ে সন্মানীয় ” ডি লীট” উপাধি প্ৰদান কৰে। অনবদ্য সৃষ্টিৰে অসমীয়া কবিতাক বিশ্বজনীন কৰি তোলা নীলমণি ফুকন ককাক ভাৰতীয় জ্ঞানপীঠে ২০২০ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদান কৰে।

বন্দিতা শৰ্মা কন্দলি।