জো বিডেনৰ দ্বাৰা আয়োজিত কোৱাড লিডাৰ্ছ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

pc- Times of India

জো বিডেনৰ দ্বাৰা আয়োজিত কোৱাড লিডাৰ্ছ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অংশগ্ৰহণ

অনলাইন বাৰ্ত্তাসেৱা- ২৪ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনৰ দ্বাৰা আয়োজিত প্ৰথমব্যক্তিগত কোৱাড লিডাৰ্ছ সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিবলৈ আমেৰিকা ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন আৰু জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাও যোগ দান কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত যোগে প্ৰকাশ কৰে যে নেতাসকলে ১২ মাৰ্চত তেওঁলোকৰ প্ৰথম ভাৰ্চুৱেল সন্মিলনৰ পিছত হোৱা অগ্ৰগতিৰ পৰ্যালোচনা কৰিব আৰু অংশীদাৰী স্বাৰ্থৰ আঞ্চলিক বিষয়সমূহ আলোচনা কৰিব।কেন্দ্ৰই কৈছিল যে নেতাসকলে এই বছৰৰ মাৰ্চত ঘোষণা কৰা কোৱাড ভেকছিন প্ৰচেষ্টাৰ পৰ্যালোচনা কৰিব।

 

(RT)