“জোনবাই “- বিশ্বজিৎ বৰা

p.c. Wallpaper Flare

“জোনবাই “

সৌৱা চোৱাচোন,কি দেখিছা
এটি শুভ্ৰ কাচি জোন।
জোনটিয়ে আজি আকৌ নতুনকৈ প্ৰসৱ লৈছে,
আকৌ এটা যেন নতুন আৰম্ভনি হৈছে,
জোনটোৰ জীৱন।
অমাবস্যাৰ নিশাৰুধী তুমি আকাশত
এটি নতুন ৰূপত দিয়া দেখা।
মেঘৰ লগত তুমি যেন লুকা-ভাকু খেলিছা।
তোমাৰ নতুন ৰূপ দেখি,জ্বলিছে মেঘবোৰ
তথাপিও তুমি কিন্তু নতুন ৰূপত,নতুন সাজত
আকৌ আৱিৰ্ভাব হৈছা।
দিনৰ পিছত বাগৰিছে দিন
তুমি যেন ডাঙৰ হ’ব ধৰিছা….
পূৰ্ণিমাৰ নিশা তুমি লভিছা সম্পূৰ্ণতা।
তোমাৰ সেই পুৰ্ণিমাৰ ৰূপটো…..
উফ!! কি যে অনুৰূপ দৃশ্য
তোমাৰ যেন প্ৰেমতে পৰি গৈছো মই।
সাৱটি ধৰিব মন গৈছে তোমাক।
কিন্তু,এয়া জানো সম্ভৱ?
অ’….অসম্ভৱকো সম্ভৱ কৰিম মই,
এদিন ওমলিমগৈ তোমাৰ বুকুত
খেলিম তোমাৰ লগত লুকা-ভাকু
মৰম যাচিম যিমান পাৰোঁ।
তেতিয়া কিন্তু নাথাকিব একো অভিযোগ,
থাকিব কেৱল প্ৰেম আৰু ভালপোৱা।।।

বিশ্বজিৎ বৰা
গুৱাহাটী,অসম