জোঁৰ সমদল লৈ কংগ্ৰেছ ভৱন ঘেৰাও

জোঁৰ সমদল লৈ কংগ্ৰেছ ভৱন ঘেৰাও

ৰঙিলী বাৰ্ত্তাসেৱা- পঞ্জাৱৰ বাবে সৰ্বাংগীণ বিকাশৰ বাৰ্তা লৈ পঞ্জাৱ ভ্ৰমণৰ সময়ত বিশ্বনেতা,ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কংগ্ৰেছ নেতৃত্বাধীন পঞ্জাৱ চৰকাৰে তেওঁৰ নিৰাপত্তাৰ ক্ষেত্ৰত যি ভয়াৱহ গাফিলতি কৰিলে আৰু দেশৰ প্ৰধান মন্ত্ৰী গৰাকীৰ জীৱনলৈ যি চৰম শংকা নমাই অনাৰ দৰে ঘৃণনীয় অপৰাধ সংঘটিত কৰিলে সেয়া অতিকৈ নিন্দনীয়। কংগ্ৰেছ দলৰ এনে কাৰ্যক ভাৰতীয় জনতা পাৰ্টি তিনিচুকীয়া জিলা সমিতিৰ লগতে যুৱ মৰ্চাকে আদি কৰি সাতোটা মৰ্চাই অতি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। এইয়া সমগ্ৰ ভাৰতবাসীৰ বাবে অপমানজনক কথা। দেশৰ মাননীয় প্ৰধানমন্ত্ৰী জনকো কংগ্ৰেছ দলে সন্মান দিব নাজানিলে। তেওঁলোকে সাধাৰণ ৰাইজক কেনেদৰে সুৰক্ষা দিব! পঞ্জাৱ চৰকাৰৰ এই ভয়াৱহ গাফিলতিক আজি সমগ্ৰ দেশবাসীয়ে নিন্দা কৰিছে৷ এই ঘটনাই প্ৰমাণিত কৰিলে যে, কংগ্ৰেছ চৰকাৰ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ বিচাৰধাৰাৰ পৰিপন্থী আৰু ভাৰত বাসীৰ প্ৰতি তথা ভাৰত বাসীৰ প্ৰতিনিধিৰ প্ৰতি তেওঁলোকৰ দ্বায়বদ্ধতা কেৱল মাত্ৰ নিৰ্বাচনী শ্লোগানহে৷ কংগ্ৰেছ আৰু দেশদ্ৰোহী যেন এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি৷ প্ৰধানমন্ত্ৰীৰ জীৱনক তুচ্ছ জ্ঞান কৰা এনে অমানৱীয় মানসিকতাক আমি একমুখে ধিক্কাৰ দিছোঁ৷ কংগ্ৰেছৰ এনে নিকৃষ্ট মানসিকতা তথা প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ক্ষেত্রত দেখুওৱা এনে গাফিলতিক অপৰাধ হিচাবে গণ্য কৰা হৈছে৷ তাৰেই প্ৰতিবাদস্বৰূপে তিনিচুকীয়া কচুজান খেলপথাৰৰ পৰা কংগ্ৰেছ ভৱনলৈ জোঁৰ সমদল উলিওৱাৰ লগতে কংগ্ৰেছ ভৱন ঘেৰাও কাৰ্য্যসূচী গ্ৰহণ কৰা হয়৷ কাৰ্য্যসূচীত বিজেপি তিনিচুকীয়া জিলাৰ সভাপতি কুশকান্ত বড়া,উপ-সভাপতি দুলাল চন্দ্ৰ ৰয়,সাধাৰণ সম্পাদক পুলক চেতিয়া,জ্যেষ্ঠ কাৰ্য্যকৰ্তা ভবেন শৰ্মা,জিলা যুৱ মৰ্চাৰ সভাপতি সিদ্ধাৰ্থ প্ৰতীম বৰুৱা,সাধাৰণ সম্পাদক দিগম্বৰ নেওগকে আদি কৰি দলীয় কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে৷