জেভলিনৰ বিশ্ব ৰেংকিং তালিকাত দ্বিতীয় স্থানত ভাৰতৰ নিৰজ চোপ্ৰা

pc-News18

জেভলিনৰ বিশ্ব ৰেংকিং তালিকাত দ্বিতীয় স্থানত ভাৰতৰ নিৰজ চোপ্ৰা

অনলাইন বাৰ্ত্তাসেৱা– অলিম্পিকত স্বৰ্ণ পদক অৰ্জন কৰা ভাৰতৰ নিৰজ চোপ্ৰাই জেভলিনৰ বিশ্ব ৰেংকিং তালিকাত দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। সদ্যপ্ৰকাশিত ৰেংকিং তালিকাত নিৰজ চোপ্ৰাই ১৩১৫ পইন্ট লাভ কৰি দ্বিতীয় স্থানত উপৱিষ্ট হয়। ১৩৯৬ পইণ্ট লাভ কৰি তালিকাৰ শীৰ্ষ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ’ল জাৰ্মানীৰ এথলীট জোহানেছ ভেট্টেৰই। অলিম্পিকত ভাগ লোৱাৰ পূৰ্বে বিশ্ব ৰেংকিং তালিকাৰ ১৬ সংখ্যক স্থানত আছিল নিৰজ চোপ্ৰা।