জেফ বেজোছৰ এমাজনৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ

pc India Today

অনলাইন বাৰ্ত্তাসেৱা – জেফ বেজোছে আজি পদত্যাগ কৰিব এমাজনৰ মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা। এই কোম্পানীটো তেখেতে আজিৰ পৰা প্ৰায় ২৭ বছৰৰ পূৰ্বে ৫ জুলাই, ১৯৯৪ তাৰিখে অনলাইন কিতাপৰ দোকান হিচাপে প্ৰতিষ্ঠা কৰিছিল। ব্লুমবাৰ্গৰ মতে, ৫৭ বছৰীয়া বেজোছে ২০০ বিলিয়ন ডলাৰৰ অধিক সম্পত্তিৰ সৈতে বিশ্বৰ ধনী ব্যক্তি হিচাপে অৱসৰ গ্ৰহণ কৰিব। তেওঁ এমাজনৰ বোৰ্ডৰ কাৰ্যবাহী অধ্যক্ষ হ’ব।

(UD.)