জেনেৰেল ৰাৱাটৰ নশ্বৰ দেহ মাদ্ৰাজ ৰেজিমেণ্টেল চেণ্টাৰলৈ অনা হয়

Pc News24

জেনেৰেল ৰাৱাটৰ নশ্বৰ দেহ মাদ্ৰাজ ৰেজিমেণ্টেল চেণ্টাৰলৈ অনা হয়

ৰঙিলী বাৰ্ত্তাসেৱা-  আইএএফ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হোৱা চিডিএছ জেনেৰেল বিপিন ৰাৱাট, তেওঁৰ পত্নী আৰু আন ১১ জনৰ নশ্বৰ দেহ নীলগিৰি জিলাৰ ৱেলিংটনৰ সামৰিক চিকিৎসালয়ৰ পৰা মাদ্ৰাজ ৰেজিমেণ্টেল চেণ্টাৰলৈ অনা হয়। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে পুষ্পস্তৱক অৰ্পণ কৰি জেনেৰেল ৰাৱাটলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বুধবাৰৰ দুৰ্ঘটনাৰ পৰা মাত্ৰ এজন ব্যক্তি হে বাচি গৈছিল।