জুৰীয়াৰ নাজনিন ইয়াছমিনৰ ইছৰোত বিজ্ঞানী হিচাপে নিযুক্তি লাভ 

pc wikipedia

জুৰীয়াৰ নাজনিন ইয়াছমিনৰ ইছৰোত বিজ্ঞানী হিচাপে নিযুক্তি লাভ 

ৰঙিলী বাৰ্ত্তাসেৱা- নগাঁও জিলাৰ জুৰীয়া অঞ্চলৰ অতি ভিতৰুৱা মাহেৰীপাৰৰ এগৰাকী কন্যাই ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোত বিজ্ঞানী হিচাপে নিযুক্তি লাভ কৰিছে। নাজনিন ইয়াছমিনে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ সতীশ ধাৱান স্পেচ চেণ্টাৰত বিজ্ঞানী হিচাপে নিযুক্তি-পত্ৰ লাভ কৰিছে।বিজ্ঞান বিষয়ক বিভিন্ন ব্যক্তিগত অনুষ্ঠান-প্রতিষ্ঠানত কাম কৰাৰ সমান্তৰালভাৱে তেওঁ ২০১৮ চনতে বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধীনত ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ লগতে ভাৰত চৰকাৰৰ জুনিয়ৰ ৰিছাৰ্চ ফেল’শ্বিপৰ যোগ্যতাও লাভ কৰি থৈছে। ৰাষ্ট্ৰীয় পৰ্যায়ত যোৱা বৰ্ষতে অনুষ্ঠিত অতিকৈ কঠিন বাছনি পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত অলপতে ঘোষিত ফলাফলত নাজনিন ইয়াছমিন হ’ল উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্র বিজ্ঞানী হিচাপে এইবাৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাত নিযুক্তি লাভ কৰিছে। ভাৰত চৰকাৰৰ মহাকাশ বিভাগৰ নিৰ্দেশ অনুসৰি অহা ৩০ ডিচেম্বৰৰ পূৰ্বে আনুষ্ঠানিকভাৱে যোগদান লাভ কৰিব বুলি জানিবলৈ দি ইয়াছমিনে সংবাদ মাধ্যমৰ আগত নিজৰ সফলতাৰ প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘ধৈৰ্য আৰু একাগ্ৰতা থাকিলে সকলো ক্ষেত্ৰতে সফলতাৰ উচ্চ শিখৰত উঠিব পাৰি।