জুলু আৰু মন – চম্পক বেজবৰুৱা

pc.- istock

:: জুলু আৰু মন ::

অ’ জুলু আহা ওলাই
খেলোঁ আমি খেলা ,
যিহেতু আজি ৰবিবাৰ
পাতিম ৰঙৰ মেলা ।

অ’ মন দেউতা গৈছে বজাৰলৈ
মাঁ আছে তাঁতশালত ,
অকণ পঢ়ি নল’লে
দেউতা আহি পিতিব খঙত ।।

তেন্তে পঢ়া হ’লে আহিবা জুলু
ময়ো ছবি আকোঁগৈ ;
ঝকঝক ৰে’ল গাড়ী
লুকা-ভাকু আৰু কতনা খেল খেলি
পখিলা খেদি পিছে পিছে দৌৰি
দুয়ো স্ফূৰ্তি কৰিমগৈ ।।

 

চম্পক বেজবৰুৱা
নলবাৰী (অসম)
ফোনঃ ৭০৯৯৭ – ৯৬২৯৪