জুলাইত শ্ৰীলংকা ভ্ৰমণলৈ যাব টীম ইণ্ডিয়া

বাৰ্ত্তাসেৱা – ক’ৰ’না কালতে এক চমু ভ্ৰমণসূচী লৈ চুবুৰীয়া ৰাষ্ট্ৰ শ্ৰীলংকাত উপস্থিত হ’ব ভাৰতীয় ক্ৰিকেট দলটো। এই কথা প্ৰকাশ কৰিছে বি চি চি আইৰ সভাপতি সৌৰভ গাংগুলীয়ে। তেওঁ কয় যে জুলাই মাহত চমু ভ্ৰমণসূচী লৈ দ্বীপ ৰাষ্ট্ৰখনত উপস্থিত হ’ব কোহলি বাহিনী। এই সময়ছোৱাত ভাৰতীয় দলটোৱে এটা এদিনীয়া শৃংখলাৰ লগতে টি-২০ শৃংখলাতো অৱতীৰ্ণ হ’ব। ইফালে আই পি এল পুনৰ আৰম্ভ হ’ব নেকি সোধা এক প্ৰশ্নৰ উত্তৰত সৌৰভ গাংগুলীয়ে কয় যে আই পি এল ভাৰতত অনুস্থিত কৰাটো সম্ভৱ নহয়। কিয়নো কোৰেনটাইন বিধি যথেষ্ট কঠোৰ হৈ পৰিছে। সেয়ে আই পি এলৰ পৰৱৰ্তী মেচসমূহ অনুস্থিত কৰিব পৰা হ’ব নে নহয় সেই সন্দৰ্ভত কোনো কথা নিশ্চিতভাৱে ক’ব নোৱাৰি। কিন্তু ইয়াৰ মাজতে আই চি চিৰ সূচী অনুসৰি এক চমু ভ্ৰমণসূচী লৈ টীম ইণ্ডিয়া শ্ৰীলংকাত উপস্থিত হোৱাটো নিশ্চিত হোৱা বুলি তেওঁ লগতে সদৰি কৰে। এই ভ্ৰমণসূচীত টীম ইণ্ডিয়াই তিনিখন এদিনীয়া শৃংখলাৰ লগতে পাঁচখন টী-২০ত অংশগ্ৰহণ কৰিব।