জীৱ শ্ৰেষ্ঠ-পদ্ম শঙ্কৰ চৌধুৰী

pc-walpaperflare

জীৱ শ্ৰেষ্ঠ
হেৰা জীৱ- শ্ৰেষ্ঠ!
‌কোনে দিলে এই প্ৰমাণ পত্ৰ?
কিহক লৈ তোৰ এই দৰ্প- অহংকাৰ?
প্ৰাচুৰ্যতা কিম্বা ক্ষমতাৰ
সুউচ্চ অট্টালিকাৰ
নে নামী- দামী বাহনৰ?
এইবোৰক লৈয়েতো তোৰ গৌৰৱ অহংকাৰ।
হেৰা জীৱ শ্ৰেষ্ঠ!
শ্ৰেষ্ঠহীন জীৱবোৰে জানো কৰিছে আমনি?
তেন্তে তই সিহঁতক কিয় কৰা নাকনি কাননি।
কোনে দিলে তোক এই অধিকাৰ?
নাপাবা পৰিত্ৰাণ এই অপৰাধৰ।
কাজিয়া- পেচাল ,দণ্ড- খৰিয়াল
নাই সিহঁতৰ মাজত যেন এটা পৰিয়াল।
তোৰ প্ৰতি কিমান বিশ্বাস সিহঁতৰ!
কৰা নাই নে বেত্ৰাঘাট সেই বিশ্বাসৰ?
সিহঁতে কেতিয়াও নাছিল‌ ভবা ,
তয়ে সিহঁতৰ হত্যাকাৰী হবা।
ডাক দি জগাই তুলা কুকুৰা জনী ৰাতি পুৱাই
কাইলৈ তোক জানো জগাই তুলিব দুনাই।
অবিদিত নহয় নিশ্চয় কাৰণটো তোৰ
এয়াই জানো প্ৰতিদান জীৱ শ্ৰেষ্ঠতৰ।
ছাগলীটোৱেও ভাৱে তালৈ ইমান মৰম তোৰ
পিছে তই দিলি জানো প্ৰতিদান সেই মৰমৰ?
গাহৰিটোৱেও কয় তোৰ আপ-দালৰ
তয়ে জানো নহবি হত্যাকাৰী সিহঁতৰ।
হেৰা জীৱ শ্ৰেষ্ঠ!
হত্যা- লুন্ঠন, ধৰ্ষণ- অপৰহণ
অত্যাচাৰ – উৎপীড়ন
নহয় জানো এইবোৰেই তোৰ সহচৰ?
তেন্তে কিয় কৰা দাৱী জীৱ- শ্ৰেষ্ঠতৰ?
হেৰা জীৱ-শ্ৰেষ্ঠ!
প্ৰকৃতি প্ৰদত্ত নিয়ম উলঙ্ঘনৰ
নাপাবি পৰিত্ৰাণ এই অপৰাধৰ।
তই কৰা তোৰ সকলো কৰ্মৰ
চৈধ্য সাক্ষী লৈ আছে সেই কৰ্মৰ।
পদ্ম শঙ্কৰ চৌধুৰী
অৱসৰপ্ৰাপ্ত শিক্ষক।