জীৱ শ্ৰেষ্ঠ? – পদ্ম শংকৰ চৌধুৰী

Pc-wideangle

জীৱ শ্ৰেষ্ঠ?

ঈশ্বৰে হেনো ‌চাৰি মুঠি জীৱৰ সৃষ্টি কৰিছে। সেইবোৰ হ’ল- উৰণ,বুৰণ,গজন আৰু ভ্ৰমণ। মানুহ নামৰ প্ৰাণী বিধ ভ্ৰমণ জীৱৰ শাৰীত পৰে। এই বিধ জীৱকে কিন্তু জীৱ-শ্ৰেষ্ঠ বুলি অভিহিত কৰা হয়। পিছে এই প্ৰমাণপত্ৰ কোনে দিলে?
ধৰা হ’ল, মই যদি মানুহবোৰক কওঁ যে মই এজন ভাল মানুহ,গুণী মানুহ ,সৎ ব্যক্তি। মোৰ নিচিনা ভাল মানুহ দ্বিতীয় এজনো নাই। এই কথা কোনে মানিব বা বিশ্বাস কৰিব? যেনেদৰে মই নিজে নিজৰ প্ৰমাণ পত্ৰ দিব নোৱাৰোঁ। দিলেও কোনেও বিশ্বাস নকৰে বা মানি নলয় । ঠিক একেদৰে মানুহ নামৰ প্ৰাণী বিধে নিজকে জীৱ-শ্ৰেষ্ঠ বুলি দিয়া প্ৰমাণখন কোনে বিশ্বাস কৰিব? আমিয়ে নিশ্চয় নিজে নিজেই বিশ্বাস কৰিব নালাগিব জানো?সেয়া হ’ব নে?
বাৰু সেইবোৰ যিয়ে নহওক, কি কি কাৰণত নো মানুহ নামৰ প্ৰাণী বিধ জীৱ শ্ৰেষ্ঠ? প্ৰযুক্তি বিদ্যাৰ বাবে ? নে ন ন তথ্য আৱিষ্কাৰৰ বাবে? নে পৃথিৱীখন সংকুচিত কৰি এখন গাঁৱলৈ ৰূপান্তৰ কৰা বাবে?নে আকাশ মাৰ্গত থকা ন ন গ্ৰহ-নক্ষত্ৰ উদ্ঘাটন কৰি নানা তথ্য আৱিষ্কাৰ কৰা বাবে? নে অত্যাধুনিক চিকিৎসাৰ উন্নতি সাধন কৰাৰ বাবে।নে ৰবট আৱিষ্কাৰৰ বাবে? মোবাইল,টি ভি,কোম্পিউটাৰ আৱিষ্কাৰ কৰা বাবে?নে ঠিতাতে সকলোবোৰ বস্তু ঢুকি পোৱা ব্যৱস্থা কৰাৰ বাবে? আৰু কত যে কি কি ?
ধৰা হ’ল, মোৰ এনেকুৱা এখন ঘৰ আছে য’ত একোৰে অভাৱ নাই। মানু্হ এজনক জীয়াই থাকিবলৈ যিখিনি সা-সামগ্ৰীৰ প্ৰয়োজন সেই আটাইখিনি মোৰ ঘৰখনতে আছে ; মই কিন্তু মোৰ ঘৰত থকা এবিধো বস্তু কোনো ক্ষেত্ৰতে কোনো কাৰণতে আনক যিমানেই তেওঁৰ আৱশ্যক নহওঁক কিয় নিদিওঁ।সি আত্মীয় হওক কিম্বা অনাত্মীয় হওক। আনহাতে মই কিন্তু কেতিয়াও কোনো ক্ষেত্ৰতে আনক আমনি অথবা দিকদাৰিও নকৰোঁ। মোক বাৰু আন মানুহবোৰে কি বুলি অভিহিত কৰিব?আদৰ্শৱান নে আপোনপেটীয়া? নিশ্চয় প্ৰথমটো নহয়।এই একেটা কথাকে মানু্হ নামৰ প্ৰাণীৰ ক্ষেত্ৰত আঙুলি টোৱাব নোৱাৰি নে? মানুহে আজি যিবোৰ কৰিছে সেইবোৰ নিজৰ সুখ আৰু সাচ্ছন্দ্যৰ বাবে কৰিছে । কিন্তু এই মানুহ নামৰ শ্ৰেষ্ঠ বুলি অভিহিত কৰা মানুহবোৰে আকৌ( সকলো মানুহক ধৰা নাই) কৰা নাই কি? হত্যা, লুণ্ঠন, ধৰ্ষণ,অপহৰণ, চোৰ,ডকাইত ,হিংসা,ঈৰ্ষা,চল-চাতুৰি এইবোৰতো এই জীৱ শ্ৰেষ্ঠ বুলি অভিহিত কৰা মানুহ নামৰ জীৱ ধাৰিয়ে কৰিছে। ৫/৬ বছৰ নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰিবলৈ কুণ্ঠিত হোৱা নাই এই জীৱ শ্ৰেষ্ঠই? কিমান জনী দুখীয়া বিধৱা মাতৃৰ বুকুৰ কাপোৰ টানি বিবস্ত্ৰ কৰিবলৈ দ্বিধাগ্ৰস্ত হোৱা নাই এই জীৱ শ্ৰেষ্ঠই? বনকৰা কতজনী ছোৱালীক অন্তঃসত্বা কৰি পুৰি মাৰিছে কোনে? সৌ সিদিনাখন লংকাৰ চিকিৎসালয়ত জনৈক ডাক্তৰ এজনক এজন ৰোগীৰ মৃত্যু হোৱা বাবে শ্ৰেষ্ঠ জীৱ নামধাৰিহঁতে পাশৱিকতা আচৰণ নেদেখুৱালে নে? এনে ঘটনাৰ লেখ দিব নোৱাৰি। এতিয়া এনেবোৰ ঘটনা নিত্যনৈমিত্তিক ঘটনা পৰিণিত হৈ পৰিছে।
আকৌ এই নাৰীয়েও (সকলো নাৰীক কোৱা নাই) জীৱ শ্ৰেষ্ঠতাত কুঠাৰাঘাত কৰা নাই নে?কত সুখৰ সংসাৰত জুই জ্বলাইছে? কত পুৰুষক প্ৰতাৰণা জালত পেলাইছে?এয়াই জানো জীৱ শ্ৰেষ্ঠত্বৰ উদাহৰণ?
প্ৰকৃতিয়ে বান্ধি দিয়া নিয়ম কোনে ভাঙিছে?আমিয়েই নহয় জানো? নহ’লে আমাক আইন-কানুন লাগে কিয়? আমি জানোঁ যে আমি প্ৰকৃতিয়ে বান্ধি দিয়া নিয়ম ভাঙিমেই গতিকে আমাক আইন-কানুন লাগিবই।
ধৰ্মও হ’ল এটা মহাশক্তিৱন্ত শিকলি যাৰ দ্বাৰা প্ৰকৃতিয়ে বান্ধি দিয়া আইন- কানুনৰ মাজত আৱদ্ধ কৰি ৰাখিব পাৰি। কিন্তু আমি কিমান জনে ধৰ্মাচাৰণ কৰিছোঁ?
অসমৰ সুযোগ্য সন্তান তথা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ অন্যতম প্ৰধান শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ তেওঁৰ আধ্যাত্মিক জীৱনৰ শ্ৰেষ্ঠ সৃষ্টি নামঘোষাত লিখিছে ।
” ধৰ্মক জানোহো মঞি তথাপি প্ৰবৃত্তি নাই
অধৰ্মতো নিবৃত্তি নোহোয় ।”
ধৰ্মক জানোঁ কিন্তু তাৰ প্ৰতি ধাউতি নাই আনহাতে অধৰ্মৰ দ্বাৰাও পৰিত্ৰাণ নহয়। এয়া জীৱ শ্ৰেষ্ঠৰ‌ কাৰ্যাৱলী।
সেইবাবে হয়তো ঈশ্বৰে বাৰে বাৰে অৱতৰিত হ’ব লগাত পৰে।
ধৰ্মসংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে।গীতা-৪ৰ্থ অধ্যায়/৮