জীৱিকাৰ পথ ? – অঞ্জুমণি শইকীয়া

P.c Wallpaper Safari

জীৱিকাৰ পথ ? 

সময় পালেই মই বা পুত্ৰ বুঢ়ী গোঁসানী দেৱালয়লৈ যাওঁ ৷ বিশেষকৈ , ১ জানুৱাৰী আৰু ১৭ ফেব্ৰুৱাৰীত পুত্ৰৰ জন্মদিনৰ শৰাই দিবলৈ ৷ ঘূৰি আহোঁতে দেৱালৰ সন্মুখত বহি আশাৰে ভক্তলৈ চাই হাত পাতি থকা প্ৰতিজনকে এই বিশেষ দিন দুটাত কমকৈ হ’লেও কিবা এটা দি থৈ আহোঁ ৷ আগতে বিশেষভাৱে সক্ষম বা বৃদ্ধসকলেহে হাত পাতিছিল ৷ কিন্তু , কিছু বছৰৰ পৰা আদহীয়া ব্যক্তি , বোৱাৰী ( কাম কৰিব পৰা ) , কেঁচুৱা থকা মহিলাইও পইচা বিচাৰে ৷ কেৱল খোৱা বস্তু দিলেই এওঁলোক সন্তুষ্ট নহয় ৷ পঁছিশ বা ত্ৰিশজন মানুহক একেলগে পইচা দিয়াটো সকলোৰে বাবে সম্ভৱ নহয় ৷ চাকি এগছি দি ঘূৰি অহাৰ সময়ত এওঁলোকে পিছে পিছে গৈ পইছা বিচাৰে ৷ মন্দিৰলৈ গৈ সুখ অনুভৱ কৰিলেও এনেকুৱা দৃশ্যবোৰে দুখহে দিয়ে ৷

ছোৱালীতে নেঘেৰিটিং শিৱ মন্দিৰলৈ যাওঁতে পাণ্ডা নাছিল ৷ কিন্তু , আজিৰ পৰা চাৰি বছৰৰ আগতে স্বামী , পুত্ৰ আৰু ( পুত্ৰৰ ) লগৰ ল’ৰা এজন নেঘেৰিটিঙলৈ গৈছিল ৷ পাণ্ডাই বিচৰা মতে পইচা দিওঁতে দিওঁতে ল’ৰাজনৰ হাতত চাহ একাপ খাবলৈও পইচা নাথাকিল ৷ তাৰ পিছতো পাণ্ডাই অসন্তুষ্ট হৈ বেয়াকৈ কৈছিল ৷ অথচ , সেই সময়ত ল’ৰাজন ছাত্ৰ আছিল ৷

পাচলি কিনিবলৈ যাওঁতে পইচাৰ বেগটো খুলিলেই পুৰুষ বা মহিলা এগৰাকীয়ে হাত পতা কেইবাদিনো লগ পাইছো ৷ এদিন এজনক সুধিলো , “ পইচা কিয় লাগে ?”

“ নামঘৰ সাজিবলৈ ৷”

“ ভাদমহীয়া ক’ত নামঘৰ সাজিছে ?”

“ নহয় , মানে ঘৰৰ গোঁসাই ঘৰটো — —- ৷”

নোট এখন উলিয়াই দিলো ৷

নতুন জোতা , নতুন চোলা পিন্ধি লাখুটি এডাল লৈ এজন আদহীয়া মানুহে হাত পাতিলে ৷ পাচলি বেপাৰীজনে চিঞৰিলে , “ বাইদেউ , নিদিব ৷ ই সদায় ভাও ধৰে ৷” এতিয়াও মানুহজনক তেনেকৈ ঘূৰি ফুৰা দেখোঁ ৷

এদিন কল বেপাৰী এজনে ক’লে , “ আমাৰ দোকানৰ ফালে কেইগৰাকীমান মহিলা আহে পইচা বিচাৰি ৷ সুধিলে কয় — বানে গৰকা / নামঘৰৰ কাৰণে / ল’ৰা অসুখীয়া — ইত্যাদি ৷ পিছতহে জানিব পাৰিলো সকলো মিছা ৷ ”

যোৱা ১ জানুৱাৰীৰ দিনা পুৱা দেৱালয়লৈ যাওঁতে গড় আলিত তিনিটা সৰু ল’ৰাই পইচা বিচাৰি থকা দেখিলো ৷ পিন্ধনত চুৰিয়া , চোলা , কপালত চন্দন আৰু সেন্দূৰৰ ফোঁট ৷ হাতত ভগৱানৰ ফটোৰ সৈতে বাচন এটা ৷ ল’ৰা কেইজন হিন্দী ভাষী আছিল ৷

টাওনত কেতিয়াবা কিছুমান শাৰী পিন্ধা মহিলাই বাঁহৰ সৰু খৰাহী বা কুলাত ভগৱানৰ ফটোৰ সৈতে ফুল অলপ দি হাতত লৈ ঘূৰি ফুৰি পইচা বিচাৰে ৷ কেতিয়াবা ঘৰলৈও আহে ৷

সকলো ধৰ্মক সন্মান কৰোঁ ৷ কিন্তু , যেতিয়া পূজা বা ভগৱানৰ নাম কৈ ব্যৱসায় কৰে তেতিয়াহে — —- — ৷

বিশেষভাৱে সক্ষম মানুহেও কৰ্ম কৰি জীৱন নিৰ্বাহ কৰা দেখিছো ৷ সম্পূৰ্ণ অঙ্গ – প্ৰত্যঙ্গ থকা সত্বেও কিছুমান মানুহে কৰ্ম কৰিবলৈ নিবিচাৰে ৷ কিয় বাৰু !!!

**

– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি ৷