জীৱন—নৱনীতা ডেকা

pc-lifeberry
জীৱন নামৰ নাটখনিত
এতিয়াই ভাগৰি নপৰিবি তই,,
আগুৱাবলৈ আৰু বহুত দূৰ
মেঘাছন্ন আকাশটো বিচাৰি থাক
সুখত থকাৰ হাবিয়াস।।
পৰিস্থিতিৰ ব্যস্ততাৰ মাজতহে
বিছাৰি পায় সত্যতা ,
যেতিয়াই বিকল হৈ পৰিব তোৰ সৰ্বোচ্চ
তেতিয়াহে জীৱনৰ অৰ্থ বিছাৰি
লিখিবলৈ লবি গোপন বাৰ্তা ।
নৱনীতা ডেকা