জীৱন তুমি অতুলনীয় ~ শিখামণি তামুলী ,গোলাঘাট

pc-walpaperswide

জীৱন তুমি অতুলনীয় ~

হেৰোৱা সুখৰ সন্ধান বিছাৰি,
খাইছিলো মই হাবাথুৰি।
জীৱনৰ পোৱা-নোপোৱাবোৰে কৰিছিলহি আহি আমনি।
অতীতৰ সুখৰ মূহুৰ্তবোৰে বৰ্তমানৰ দুখৰ মূহুৰ্তবোৰৰ ওচৰত হাৰ মানিছিল।
হেৰাই গৈছিল জীৱন জীয়াৰ মানসিকতা।
তথাপি জীৱনে মোক
হাৰিবলৈ দিয়া নাছিল।
জীৱনে মোক পঢ়াইছিল
সুখী জীৱন গঢ়াৰ আদিপাঠ।
পাৰ হৈ যোৱাবোৰ যাবলৈ দিয়া।
অহাবোৰ সাৱটি লোৱা,
যি পাইছা,তাতে সুখী হ’বলৈ যত্ন কৰা।

✍শিখামণি তামুলী
গোলাঘাট ।