জীৱনৰ ভাললগাবোৰত সংযোজিত হোৱা এক অবিস্মৰণীয় অনুভুতি- ‌মৃদুস্মিতা শৰ্মা গোস্বামী যোৰহাট

pc-NUS news

জীৱনৰ ভাললগাবোৰত সংযোজিত হোৱা এক অবিস্মৰণীয় অনুভুতি
০০০০০০০০০০০০০০০০০
পুৰণিগুদামৰ নৰসিংহ ক্ষেত্ৰত স্থাপিত হোৱা বিশ্বৰ সৰ্ববৃহৎ লিংগাকাৰ শ্ৰীশ্ৰীমহামৃত্যুঞ্জয় মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা মহোৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা এটা বিশেষ দিনৰ সাংস্কৃতিক অনুষ্ঠান । অপূৰ্ব কলা-কৌশল, আলোকসজ্জাৰে সজ্জিত এক মুকলি মঞ্চ । কোনোধৰণৰ বাধা নিষেধ বা প্ৰৱেশ মাছুল অবিহনে প্ৰায় পাঁচ শতাধিক লোকে মুকলি আকাশৰ তলত চকীত বহি অনুষ্ঠান উপভোগ কৰিব পৰা ব্যৱস্থাপনা । ক্ষন্তেকৰ বাবে যেন পাহৰি গৈছিলো নিজৰ অৱস্থিতি । মন্দিৰ প্ৰাংগণৰ ঐশ্বৰিক শক্তিৰ প্ৰভাৱে যেন সুন্দৰ মনবোৰৰ প্ৰতিফলন ঘটাই অসম্ভৱকো সম্ভৱ কৰি তুলিছিল ।
মঞ্চৰ আকষৰ্ক দুই মহান শিল্পীৰ নামৰ সংযোজনেও যেন দিনটোত বিশেষ তাৎপৰ্য বহন কৰিছিল । কাৰণ, সেইদিনা আছিল সোমবাৰ, ২০২১ চনৰ মাৰ্চ মাহৰ ১তাৰিখ, যিদিনা অসমৰ স্বনামধন্য শিল্পী, ঢোলৰ ওজা মাননীয় সোমনাথ বড়া দেৱ আৰু বহিঃ ৰাজ্যৰ প্ৰখ্যাত Drum বাদক, পদ্মশ্ৰী, মঞ্চত বহুলভাৱে পৰিচিত ” Drums Sivamani” ৰ দ্বাৰা প্ৰদৰ্শিত মঞ্চ কঁপোৱা বৰ্ণিল অনুষ্ঠানে মন আনন্দেৰে ভৰাই তুলিছিল । ভোক পিয়াহ পাহৰি ঘণ্টাৰ পিছত ঘণ্টা অনুষ্ঠান উপভোগ কৰিও যেন হেঁপাহ নপলোৱা অনুভুতি – যাক ভাষাৰে বৰ্ণাব নোৱাৰি ।
এই লিখনিৰ জৰিয়তে পলম কৈ হ’লেও আয়োজক মণ্ডলীৰ লগতে সমুহ শিল্পী, কলা কুশলী আৰু মন্দিৰৰ কৰ্মকৰ্তা সকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে অনাগত দিনত পুনৰ একেঠাইতে এনধৰণেৰে অনুষ্ঠান উপভোগ কৰিবলৈ আশাৰে বাট চাই ৰ’লো ।
০০০০০০০০
‌মৃদুস্মিতা শৰ্মা গোস্বামী
যোৰহাট