জীৱনৰ কাহিনী – লাচিত বৰ্মন

জীৱনৰ কাহিনী

লাচিত বৰ্মন

অগণন ধুলি-কণাৰ মাজত
মই মাথোঁ এটি সংখ্যা ।
উদ্দেশ্যহীন হৈ অমূল্য সময় কটায়;
অৰ্থহীন জীৱন লৈ আছোঁ জীয়াই,
মই ও কৰিলোঁ সকলো উপভোগ
ধৰাৰ মনোমোহা মোহিনী ৰূপ।
বাস্তৱ জগতৰ যন্ত্ৰণাৰ বহু আতৰত,
মই ও সাজিছিলো সপোনৰ সৰ্গ।
জীৱনৰ অন্তিম সময়চোৱাত দেখোন,
মোৰ নামৰ একো চিন নাই।
উলংগ শৰীৰৰে মেলিছিলো পাতনি,
আকৌ একেদৰে চোন হ’ল সামৰনি।
এনে দৌৰিলো জীৱনৰ খেলখনত;
সম্পৰ্কৰ মায়াত, সম্পত্তিৰ মোহত,
থাকি আঁতৰত ভক্তি, দান-পুণ্যৰ
দিব লগাৰ ভয়ত পাব লগাখিনি এৰিলোঁ।