জি ২০ ৰ অতিথি আদৰিবলৈ সাজু অসম 

Pc Business Standard

জি ২০ ৰ অতিথি আদৰিবলৈ সাজু অসম 

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ বছৰজোৰা জি ২০ অধ্যক্ষতাৰ অংশস্বৰূপে প্রথম বহনক্ষম বিত্তীয় কর্ম গোট (এছ এফ ডব্লিউ জি) আৰু যুৱ ২০ ( ওৱাই ২০) প্ৰাৰম্ভিক সভালৈ প্ৰতিনিধিসকলক আদৰিবলৈ অসমে প্রস্তুতি সম্পূৰ্ণ কৰিছে। ‘বসুধৈৱ কুটুম্বকম’ৰ আদৰ্শৰে আয়োজিত এই জি ২০ ৰ মূল নীতি হৈছে —এখন পৃথিৱী। এক পৰিয়াল। এক ভৱিষ্যত‘ প্রথম বহনক্ষম বিত্তীয় কৰ্ম গোটৰ সভা গুৱাহাটীৰ হোটেল ৰেডিছন ব্লুত অহা ২ আৰু ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হ’বএই দুদিনীয়া সভাখনত জি ২০ ৰ সদস্য ৰাষ্ট্ৰ, অতিথি ৰাষ্ট্ৰ আৰু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ ৯৪ গৰাকী প্ৰতিনিধিৰ লগতে ভাৰত চৰকাৰৰ বিষয়াসকলে অংশগ্রহণ কৰিব। প্ৰথম দিনৰ কাৰ্যসূচীৰ ভিতৰত আছে যোগাভ্যাস কাৰ্যসূচী আৰু এছ এফ ডব্লিউ জিৰ তিনিখন অধিবেশন। প্ৰথম দিনৰ কাৰ্যসূচী ৰিভাৰ ক্ৰুইজ, ‘ৰাত্ৰি ভোজ পৰ সম্বাদআৰু সাংস্কৃতিক কাৰ্যসূচীৰে অন্ত পৰিব । যোগাভ্যাস কার্যসূচী, তিনিখন পার্শ্ব সভা আৰু এছ এফ ডব্লিউ জিৰ চতুৰ্থখন অধিবেশন অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় দিনাৰ কাৰ্যসূচী ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰত নৈশ আহাৰ গ্ৰহণেৰে অন্ত পৰিব ৷  অহা ৭-৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান (আই আই টি), গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া যুৱ ২০ (ওৱাই ২০)ৰ প্ৰাৰম্ভিক সভাত ২৫০ গৰাকী প্ৰতিনিধি উপস্থিত থাকিব। তদুপৰি অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ৪০০ ছাত্ৰ-ছাত্ৰীয়ে এই সভাত অংশগ্ৰহণ কৰিব। পাঁচটা আলোচ্য বিষয়ৰ ওপৰত সমগ্ৰ দেশজুৰি ওৱাই ২০ বৈঠক অনুষ্ঠিত হ’ব আৰু অসমতে ইয়াৰ প্ৰাৰম্ভিক বৈঠক অনুষ্ঠিত হ’বগুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই প্ৰাৰম্ভিক ওৱাই ২০ বৈঠকৰ পিছত দেশৰ বিভিন্ন স্থানত এনে ওৱাই ২০ বৈঠক অনুষ্ঠিত হ’ব আৰু অহা আগষ্ট মাহত ওৱাই ২০ শীৰ্ষ সন্মিলনেৰে এইলানি বৈঠকৰ সামৰণি পৰিবওৱাই ২০ বৈঠকৰ মূল বিষয়সমূহ হৈছে শান্তি স্থাপন আৰু বুজাপৰা, কৰ্ম উদ্যোগৰ ভৱিষ্যত, জলবায়ু পৰিৱৰ্তন আৰু দুযোর্গৰ আশংকা হ্রাস, গণতন্ত্ৰ আৰু প্ৰশাসনত যুৱশক্তি আৰু সুস্বাস্থ্য আৰু ক্ৰীড়া।  জি ২০ ৰ সভা উপলক্ষে বিদেশী প্রতিনিধিসকলক আদৰিবলৈ অসমে প্রস্তুতি সম্পূৰ্ণ কৰিছেএই প্ৰস্তুতিৰ অংশস্বৰূপে ডিজিটেল ৱাল পেইণ্টিঙ, জি ২০ বিষয়ক সুসজ্জিত তোৰণ, জি ২০ ৰ সদস্য ৰাষ্ট্ৰসমূহৰ পতাকা, এল ই ডি কাট– আউট, হর্ডিঙ আদিৰে গুৱাহাটী মহানগৰীৰ সৌন্দৰ্যবৰ্ধনৰ লগতে প্ৰচাৰৰো ব্যৱস্থা কৰা হৈছে।  অসম চৰকাৰে জি ২০ ৰ প্ৰতিনিধিসকলৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য, গড়ভঙা সংৰক্ষিত বনাঞ্চল, ব্রহ্মপুত্র নদীদ্বীপ আৰু ব্ৰহ্মপুত্ৰ হেৰিটেজ চেণ্টাৰ আদি জৈৱবৈচিত্ৰপূৰ্ণ আৰু ঐতিহ্যমণ্ডিত স্থানসমূহ ভ্ৰমণৰ ব্যৱস্থা কৰিছেতেওঁলোকৰ এই ভ্ৰমণসূচীয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ প্ৰাকৃতিক সম্পদৰাজি আৰু চহকী ঐতিহ্যৰ সুনাম বৃদ্ধিত সহায় কৰিব।