জিৰাফ অ’ জিৰাফ – গায়ত্ৰী দেৱী বৰঠাকুৰ

Pc ABC News Walt Disney

জিৰাফ অ’ জিৰাফ 

জিৰাফ অ’ জিৰাফ
অকলে- অকলে কৰি আছা কিহৰনো বাৰু হিচাপ?

কেনেকৈনো ইমান দীঘল হ’ল তোমাৰ ডিঙিটো ?
সুধিবা চোন ডাৰউইন ককাক এবাৰ কথাটো। ।

থাকক দিয়া সেইবোৰ বিজ্ঞানৰ  কথা।
পঢ়াৰ কথা ওলালেই আমি হওঁ জানা  বৰ ভাগৰুৱা। ।

কোনেনো কৰিলে তোমাৰ দেহাটি ইমান ফুটুকীয়া?
কিনো ক’ম কিমান যে লাগে তোমাক ধুনীয়া?

গছৰ পাত খাই থাকা তুমি আপোনমনে।
তোমাৰ পিছে  আচল ঘৰ আফ্ৰিকাত  হে বোলে।।

খঙ উঠিলেই নাযাবা গৈ দেই আফ্ৰিকালৈ গুছি।
কেনেকৈনো যাম বাৰু ইমান দূৰ তোমাক বিচাৰি?

কথা এটি জানিহে জানা  লাগিলে বৰ দুখ ।
বগা জিৰাফ তিনিটিও আছিল  বোলে আফ্ৰিকাৰেই সুখ।।

চোৰাংচোৱা চিকাৰীয়ে মাক আৰু পোৱালিটোক  কিয়নো  বাৰু পেলালে মাৰি?
ভাবি- ভাবি ওৰ নেপাওঁ জানা কথাটি?

কিবা এটা উপায় কৰা মৰমৰ জিৰাফ ভাই।
তোমাক হেৰুৱাব লৈ জানা আমাৰ অকণো মন নাই।

ডাঙৰ- ডাঙৰ মানুহ বোৰে কেতিয়ানো বুজি পাব এই কথা?
তোমালোক থাকিলেহে জানা শুৱনি হৈ থাকিব আমাৰো ধৰা।।

গায়ত্ৰী দেৱী বৰঠাকুৰ
তেজপুৰ