জাৰ্মান ৰাসায়নিক কাৰখানাত হোৱা বিস্ফোৰণত ১ জন নিহত, ৪ জন সন্ধানহীন

pc KSTP TV

অনলাইন বাৰ্ত্তাসেৱা – পশ্চিম চহৰ লেভাৰ্কুসেনৰ এটা জাৰ্মান ৰাসায়নিক প্ৰকল্পত সংঘটিত হোৱা এক বিস্ফোৰণত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ। এতিয়াও সন্ধানহীন হৈ আছে চাৰিজন লোক আৰু আহত হৈছে আছে ১৬ জন। জাৰ্মানীৰ ফেডাৰেল অফিচ ফ’ৰ চিভিল প্ৰটেক্শ্চন এণ্ড ডিজাষ্টাৰ এচিষ্টেন্সৰ দ্বাৰা বিস্ফোৰণটোক এক “চৰম বিপদৰ আগজাননী” বুলি ঘোষণা কৰা হৈছিল। বিস্ফোৰণৰ পিছত এক বূৃহৎ আকাৰৰ ক’লা ডাৱৰ দেখা গৈছিল।

(UD.)