জালুকবাৰী-মালিগাঁওত গণৰাজ্য দিৱস উদ্‌যাপন

জালুকবাৰী-মালিগাঁওত গণৰাজ্য দিৱস উদ্‌যাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ আন প্ৰান্তৰ দৰে গুৱাহাটীৰ জালুকবাৰী চাৰিআলিতো ২৫ আৰু ২৬ জানুৱাৰীত  দুদিনীয়া  কাৰ্যসূচীৰে ৭৩ সংখ্যক গণৰাজ্য দিৱস  উদ্‌যাপন কৰা হয় । ২৫ জানুৱাৰীত  গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দিনৰ ভাগত গছপুলি ৰোপণ কাৰ্যসূচী অনুষ্ঠিত হয় । বিয়লি ’মোৰ দেশ মোৰ কবিতা’ শীর্ষক এক সাহিত্য অনুষ্ঠান অনুষ্ঠিত হয় । আনহাতে ২৬ জানুৱাৰীত পুৱা উপস্থিত সকলোৰে অভিবাদন গ্ৰহণ কৰি  ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰে গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে   অসম সাহিত্য সভাৰ উপ সভাপতি   মৃণালিনী দেৱীয়ে ৷ অনুষ্ঠানত  বিশিষ্ট অতিথি হিচাপে চৰাইদেওঁ জিলাৰ অৱসৰপ্ৰাপ্ত উপায়ুক্ত  বিবেকানন্দ ফুকন  , গেমন ইণ্ডিয়া কোম্পানীৰ প্ৰবন্ধক  হেমেন বৰা  , জালুকবাৰী  নাগৰিক সমিতিৰ উপদেষ্টা  ৰজত বৈশ্য উপস্থিত থাকে  ৷ অনুষ্ঠানত অসম কবি সন্মিলনৰ যুটীয়া সম্পাদক  ৰুমা ভট্টাচাৰ্যক ’চুমকী দেৱ সাহিত্য বঁটা’ প্ৰদান কৰা হয় ।আনহাতে  অনুষ্ঠানৰ আঁত ধৰে  নাগৰিক কমিটীৰ সাধাৰণ সম্পাদক চাদিক আহমেদে আৰু শলাগৰ শৰাই আগবঢ়াই কাৰ্যকৰী সভাপতি মনোজ কুমাৰ দাসে । তেনেদৰে মালিগাঁও চাৰিআলিৰ পিয়লি ফুকন চকত জালুকবাৰী থানাৰ কেন্দ্ৰীয় নাগৰিক কমিটীৰ উদ্যোগত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত পুৱা পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে বিশিষ্ট সমাজকর্মী , অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত পেন্সন সঞ্চালক নিমাই চন্দ্ৰ দাসে । কমিটীৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে  আঁত ধৰা অনুষ্ঠানত জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া , যান বাহন শাখাৰ ইনচার্জকে ধৰি আৰক্ষীৰ কেবাজনো বিষয়া – জোৱান , থানাৰ অন্তৰ্গত নাগৰিক কমিটী , গাঁওৰক্ষী বাহিনী , বজাৰ কমিটীৰ বহু কৰ্মকর্তা উপস্থিত থাকে ।