জাপানৰ ম’মিজিৰ ১৩ বছৰ বয়সত অলিম্পিকত স্বৰ্ণ জয়

pc-The Guardian

জাপানৰ ম’মিজিৰ ১৩ বছৰ বয়সত অলিম্পিকত স্বৰ্ণ জয়

অনলাইন বাৰ্ত্তাসেৱা– অলিম্পিকৰ স্কেটব’ৰ্ডিং প্ৰতিযোগিতাত জাপানৰ ১৩ বছৰীয়া ম’মিজি নিশ্বিয়াই সকলোকে আচৰিত কৰি স্বৰ্ণ পদক অৰ্জন কৰে । প্ৰতিযোগিতাখনত জাপানৰ খেলুৱৈগৰাকীৰ বিৰুদ্ধে তীব্ৰ প্ৰত্যাহ্বান গঢ়ি তুলিছিল ব্ৰাজিলৰ ৰাইছা লিয়েলে। প্ৰতিযোগিতাখনৰ প্ৰাৰম্ভিক ৰাউণ্ডত সুন্দৰ প্ৰৰ্দশনেৰে ব্ৰাজিলৰ খেলুৱৈগৰাকীয়ে স্বৰ্ণ পদক দখলৰ সম্ভাৱনা প্ৰকট কৰি তুলিছিল যদিও ফাইনেল হিটত তেওঁ পৰাস্ত হ’বলগীয়া হয় ম’মিজিৰ হাতত। প্ৰতিযোগিতাখনত ১৫.২৬ পইণ্ট লাভ কৰি ম’মিজিয়ে স্বৰ্ণ লপদক অৰ্জন কৰে। ৰূপৰ পদক অৰ্জন কৰা ব্ৰাজিলৰ ৰাইছাৰ পইণ্ট আছিল ১৪.৬৪।

(R.T)