জাপানত ধাৰাসাৰ বৰষুণৰ ফলত ১.২ লাখ পৰিয়ালক স্থানান্তৰ কৰিবলৈ নিৰ্দেশ

pc Inshorts.jpg

অনলাইন বাৰ্ত্তাসেৱা – দেশখনৰ সম্প্ৰচাৰক এন.এইচ.কে.-য়ে জনোৱা অনুসৰি, দক্ষিণ জাপানৰ কিছুমান অঞ্চলত ধাৰাসাৰ বৰষুণৰ মাজতে কৰ্তৃপক্ষই শনিবাৰে ১.২ লাখতকৈও অধিক পৰিয়ালক স্থানান্তৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰা হৈছিল। জাপান বতৰ বিজ্ঞান সংস্থাই কিউচু দ্বীপৰ তিনিটা ‘প্ৰিফেকচাৰ’ত বৰষুণৰ সৰ্বোচ্চ স্তৰৰ সতৰ্কতা জাৰি কৰিছে। আটামী ভূমিস্খলনত মৃত্যুৰ সংখ্যা ৯ জনলৈ বৃদ্ধি হোৱাৰ লগে লগে এই সতৰ্কতাবাণী জাৰি কৰা হৈছে আৰু ১৯ জন এতিয়াও সন্ধানহীন হৈ আছে।