জাগীৰোড ৰেল ষ্টেচনত বাধ্যতামূলক কোভিড-১৯ৰ পৰীক্ষা নকৰি পলাল শতাধিক যাত্ৰী

Pc- NDTV

কন্যাকুমাৰী-ডিব্ৰুগড় বিবেক এক্সপ্ৰেছৰ যাত্ৰীসকলে ৰে’লখন প্ৰায় ১০.৩০ বজাত  আহি পোৱাৰ পিছতে মধ্য অসমৰ মৰিগাঁও জিলাৰ জাগীৰোডঝণৰ পৰা ওলাই আহিছিল।বাধ্যতামূলক কোভিড-১৯ পৰীক্ষাৰ নকৰাকৈয়ে বহু যাত্ৰীয়ে পলায়ন কৰে যাৰ ফলত এক আতংকময় পৰিবেশ হয়।  কিন্তু নিৰাপত্তাৰক্ষী কম থকাৰ সুযোগ লৈ কোভিড পৰীক্ষা নকৰাকৈ যাত্ৰীসকলে আস্থানৰ বস্তুৰ ক্ষতি কৰি পলায়ন কৰে ষ্টেচনৰ পৰা ৷ পলায়ন কৰা যাত্ৰীসকলৰ ভিতৰত প্ৰায়সংখ্যক যাত্রী আছিল মৰিগাঁও আৰু নগাঁও জিলাৰ। পলাবলৈ সক্ষম নোহোৱা যাত্ৰীসকলৰ মাজত কেইবাগৰাকী লোকৰ দেহত্ ধৰা পৰে কোভিড পজিটিভ ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হয় যদিও পলায়ন কৰা কোনো যাত্রীকে আটক কৰিবলৈ সক্ষম নহ’ল। পলায়ন কৰা যাত্ৰীসকলৰ বিৰুদ্ধে স্বাস্থ্য বিভাগ আৰু জিলা প্রশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হৈ পৰিছে।

জিলাখনৰ আৰক্ষী অধীক্ষক অপৰ্ণা এন-এ কয় যে “আমি ৰে’লৱেৰ পৰা যাত্ৰীৰ তালিকা বিচাৰিছো। আমি লোকসকলক বিচাৰি উলিয়াই আছো। আমি তেওঁলোকক বিচাৰি উলিয়াবলৈ আৰু তেওঁলোকক পৰীক্ষা কৰাবলৈ সক্ষম হ’ব লাগিব,”।জিলাখনৰ আৰক্ষী অধীক্ষক অপৰ্ণায়ে কয় যে ষ্টেচনৰ এটা পৰীক্ষা কাউণ্টাৰ  পৰ্যাপ্ত চৰকাৰী ৰেল আৰক্ষী কৰ্মী আছিল কিন্তু “বিশেষ ৰেলখনত ভিৰ আশাতকৈ বহুত বেছি আছিল” আৰু সেইকাণে মানুহে পৰীক্ষা নকৰাকৈ ওলাই যাবলৈ সক্ষম হৈছিল।