জম্মু কাশ্মীৰৰ শ্বপিয়ানত নিহত শীৰ্ষ ‘লস্কৰ-ই-তৈবা’ৰ কমাণ্ডাৰসহ ২ জন সন্ত্ৰাসবাদী

pc Disha News

অনলাইন বাৰ্ত্তাসেৱা – দেওবাৰে জম্মু-কাশ্মীৰৰ শ্বপিয়ানত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত ‘লস্কৰ-ই-তৈবা’ (এল.ই.টি.)ৰ এজন শীৰ্ষ কমাণ্ডাৰসহ দুজন সন্ত্ৰাসবাদী নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। আই.জি.পি. কাশ্মীৰ বিজয় কুমাৰে কয় যে ‘ইশফাক দাৰ’ ওৰফে ‘আবু আক্ৰাম’ বুলি চিনাক্ত কৰা ‘এল.ই.টি.’ৰ কমাণ্ডাৰজন ২০১৭ চনৰ পৰা সক্ৰিয় হৈ আছিল। আঠটা মেগজিনসহ দুটা এ. কে. ৰাইফল উদ্ধাৰ কৰা হয় বুলি এজন বিষয়াৰ পৰা জানিব পৰা গৈছে।

( UD.)