জম্মুত ৫ কিলোগ্ৰাম বিস্ফোৰক কঢ়িয়াই অনা ড্ৰ’নৰ ওপৰত গুলীবৰ্ষণ

pc Yahoo News India

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতৰ সীমান্তৰ প্ৰায় ছয় কিলোমিটাৰ ভিতৰলৈ এখন হেক্সাকপ্টাৰ ড্ৰোন সোমাই আহে আৰু জম্মু জিলাৰ কানা চাক অঞ্চলত আৰক্ষীয়ে ড্ৰোনখনৰ ওপৰত গুলীবৰ্ষণ কৰে। জম্মু-কাশ্মীৰ আৰক্ষীৰ মতে, ড্ৰোনখনে প্ৰায় ৫ কিলোগ্ৰাম বিস্ফোৰক সামগ্ৰী কঢ়িয়াই আনিছিল। উল্লেখযোগ্য যে, ২৭ জুনত জম্মু এয়াৰবেচত দুটা বিস্ফোৰণৰ পিছত জম্মু আৰু কাশ্মীৰত কেইখনো ড্ৰোন দেখা পোৱা গৈছে।

(UD.)