জম্মুত ভাৰতীয় বায়ু সেনাৰ ঘাটিত আক্ৰমণ

pc Ei Samai

অনলাইন বাৰ্ত্তাসেৱা – পুৱতি নিশা দুটা নিম্ন-প্ৰাবল্যৰ ইম্প্ৰোভাইজড এক্সপ্লোচিভ ডিভাইচ (আই.ই.ডি.)ৰে জম্মুত ভাৰতীয় বায়ু সেনাৰ ঘাটিত আক্ৰমণ কৰা হয়। প্ৰতিবেদন অনুসৰি, এই আই.ই.ডি.কেইটা ড্ৰোনৰ পৰা নিক্ষেপ কৰা হৈছিল বুলি জানিব পৰা হৈছে। ইয়াৰে এটা আই.ই.ডি. বিস্ফোৰণৰ ফলত এটা অট্টালিকাৰ ছাদ এখন সামান্য ক্ষতিগ্ৰস্ত হোৱা দেখা যায় আৰু আনটো আই.ই.ডি মুকলি এলেকাত বিস্ফোৰণ হয়, ভাৰতীয় বায়ু সেনাই কয়।