জবকাৰ্ড থকাসকলে ১০০ দিনৰ কাম পাবই – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

images are representationonly

জবকাৰ্ড থকাসকলে ১০০ দিনৰ কাম পাবই – মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

বাৰ্ত্তাসেৱা – অসম বিধানসভাত কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে মৌখিক প্ৰেশ্নাত্তৰ কালত জবকাৰ্ড সম্পকীয় সোধা  প্ৰশ্নৰ উওৰ বিভাগীয় মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে দিছিল যদিও বিধায়কগৰাকী স সন্তুষ্ট নোহোৱাত মুখ্যমন্ত্ৰীয়ে উল্লিখিত আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী ড০ শমাই লগতে কয় যে কোনো কোনো পঞ্চায়তত কোনো আঁচনিৰ কাম কৰাৰ অৱকাশ নাথাকিলে জবকাৰ্ড থকাসকলে ওচৰৰ পঞ্চায়তত কাম কৰিব পাৰিব। এই সন্দৰ্ভত চৰকাৰে শীঘ্ৰে এটা নিৰ্দেশনা উলিয়াই দিব বুলিও তেওঁ সদনৰ মজিয়াত উল্লেখ কৰে। আনহাতে বিধায়ক আহমেদৰ চাৰিটা মৌখিক প্ৰশ্নৰ উত্তৰত বিভাগীয় মন্ত্ৰী দাসে সদৰী কৰে যে ২০১১-২২ বিত্তীয় বৰ্ষ পৰ্যন্ত ৰাজ্যত মুঠ ৫৩,৯৪,৯৪০ গৰাকী জবকাৰ্ড থকা লোক আছে। এম জি এন আৰ ই জিএ আঁচনিৰ অধীনত যেতিয়া কোনো লোকে কামৰ বাবে আবেদন কৰে তেতিয়া ১৫দিনৰ ভিতৰত জবকাৰ্ড থকাসকলক কাম প্ৰদান কৰা হয় আৰু সেই কামৰ বিনিময়ত জবকাৰ্ড থকাসকলে তেওঁলোকৰ মজুৰি ফাণ্ড ট্ৰেন্সফাৰ অৰ্ডাৰ [এফ টি অ’] মাধ্যমেৰে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ [ডি বি টি]ৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ পৰা নিজা বেংক একাউণ্টত পোনপটীয়াকৈ লাভ কৰে বুলি কয়।