জনসংখ্যা সমাধান ফাউণ্ডেচনৰ সংবাদ মেল

জনসংখ্যা সমাধান ফাউণ্ডেচনৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-   দেশত দেখা দিয়া সকলো সমস্যাৰ মূল কাৰণ জনবিষ্ফোৰণ । দেশৰ সুৰক্ষা, পাৰিপাৰ্শ্বিকতা ৰক্ষা, প্ৰগতি আদিৰ বাবে এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণ আইনৰ অতি প্ৰয়োজন৷-এই মন্তব্য জনসংখ্যা সমাধান ফাউণ্ডেচন অসমৰ ৰাজ্যিক অধ্যক্ষ হৰেন্দ্ৰ বৰাৰ৷ সংগঠনটোৱে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সংবাদ মেলত এইদৰে কয় হৰেন্দ্ৰ বৰাই৷তেওঁ পুনৰ কয়- স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো আমাৰ দেশত এখন জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰনয়ণ কৰা নহ’ল । ভোট বেংক শক্তিশালী কৰাৰ স্বাৰ্থত চৰকাৰ আৰু ৰাজনৈতিক দল সমূহে দেশৰ নিৰাপত্তাক অবহেলা কৰি আহিছে। জনসংখ্যা নিয়ন্ত্ৰণ আইন এখনৰ সপক্ষে ৰাইজৰ মাজত সচেতনতা বঢ়াবলৈ জনসংখ্যা সমাধান ফাউণ্ডেচনে (জেএছএফ) সমগ্ৰ দেশত সেৱা আগবঢ়াই আছে৷উত্তৰ প্ৰদেশতো এনে সজাগতা অভিযান চলোৱা হৈছে । দুৰ্ভাগ্যজনক ভাবে এনে সজাগতা অনুষ্ঠানত অংশ গ্ৰহণ কৰা জেএছএফৰ ৰাষ্ট্ৰীয় সভাপতি অনিল চৌধুৰীৰ ৰথ তথা বাহনত, গাজীপুৰ অঞ্চলত সমাজবাদী পাৰ্টিৰ সমৰ্থক সকলে শিলা বৰ্ষণ কৰে আৰু ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীক আঘাতপ্ৰাপ্ত কৰে । বহু সংখ্যক লোক আহত হয় । জেএছএফৰ উদ্দেশ্যত ৰাজনীতি নাই, আছে কেৱল ৰাষ্ট্ৰনীতি, নিজৰ ৰাজ্যখনক জনবিষ্ফোৰণৰ কুপ্ৰভাৱৰ পৰা বচোৱাৰ নীতি ।জেএছএফ অসমে উত্তৰ প্ৰদেশৰ এনে অগণতান্ত্ৰিক ঘটনাক ধিক্কাৰ দিয়ে আৰু দোষীক কঠোৰ শাস্তি প্ৰদানৰ বাবে দাবী তোলে৷সংবাদ মেলত মহিলা শক্তিৰ ৰাজ্যিক অধ্যক্ষ ৰুবী সিংহ,সংগঠন সচিব ৰূপৰেখা গোস্বামী,উপাধ্যক্ষ ৰত্না সিংহ ভৰদ্বাজ,মহাসচিবদ্বয় অৰূপজ্যোতি চৌধুৰী,অনিৰ্বাণ গোস্বামী উপস্থিত থাকে৷