জনশিমলু হাইস্কুলত আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ

জনশিমলু হাইস্কুলত আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৭৫ সংখ্যক ভাৰত কা অমৃত মহোৎসৱ উপলক্ষে ভাৰত তিব্বত সীমান্ত আৰক্ষী চমুকৈ আই টি বি পিৰ ৩৩ নং বেটেলিয়ানৰ উদ্যোগত আৰু জনশিমলু হাইস্কুলৰ সহযোগত বিদ্যালয়ৰ প্ৰাংগণত বিদ্যালয়ৰ ছাত্ৰীৰ মাজত আত্মৰক্ষাৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়৷শিবিৰ উদ্বোধন কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক কনক কলিতাই৷শিবিৰত বেটেলিয়ানৰ প্ৰশিক্ষকে ছাত্ৰীসকলে কেনেদৰে নিজক বিপদৰ সময়ত আত্মৰক্ষা কৰিব পাৰে তাৰ বিভিন্ন দিশ সম্পৰ্কে প্ৰশিক্ষণ দিয়াৰ লগতে  পৰামৰ্শ আগবঢ়ায়৷বিদ্যালয়ৰ ছাত্ৰীসকলে এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ লগতে আদব কায়দাসমূহ শিকাৰ প্ৰয়াস কৰে৷শিবিৰত শিক্ষক-শিক্ষয়িত্ৰী কমলিনী ঠাকুৰীয়া,কমল দাস,পুতুলী কলিতা,কবিতা বৰ্মন,লীনা কাকতি,এন হক আহমেদ আদি উপস্থিত থাকে৷