জনপ্ৰিয় সংগীতশিল্পী অপূৰ্ব বেজবৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

জনপ্ৰিয় সংগীতশিল্পী অপূৰ্ব বেজবৰুৱাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

ৰঙিলী বাৰ্ত্তাসেৱা-  প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “অসংখ্য চিৰসেউজ গীতৰ সৃষ্টিৰে শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰি যোৱা জনপ্ৰিয় সংগীতশিল্পী অপূৰ্ব বেজবৰুৱাৰ দেহাৱসানৰ খবৰ পাই মৰ্মাহত হৈছোঁ। অসমীয়া সংগীত জগতৰ বাবে তেওঁৰ বিয়োগ এক অপূৰণীয় ক্ষতি।তেওঁৰ বিদেহ আত্মাই সদ্গতি লাভ কৰক, তাৰে কামনা কৰি শোকসন্তপ্ত পৰিয়াল আৰু অজস্ৰ গুণমুগ্ধলৈ মোৰ গভীৰ সমবেদনা যাচিলোঁ। অপূৰ্ব বেজবৰুৱাৰ চিৰসেউজ গীতসমূহ আমাৰ হৃদয়ত সদায়ে সজীৱ হৈ ৰ’ব।”