জনপ্ৰিয় অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ মৃত্যু

জনপ্ৰিয় অভিনেতা মিহিৰজ্যোতি বৰুৱাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ এগৰাকী জনপ্ৰিয় অভিনেতা মিহিৰজ্যোতি বৰুৱাই আজি দিনৰ প্ৰায় ২.৩০ বজাত গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত শেষনিশ্বাস ত্যাগ কৰে। ভ্ৰাম্যমাণ জগতৰো এগৰাকী প্ৰসিদ্ধ অভিনেতা ৰূপে জনপ্ৰিয় অভিনেতাগৰাকী দীৰ্ঘদিন ধৰি বৃক্ক ৰোগত ভুগি আছিল । বৃক্ক ৰোগত আক্ৰান্ত বৰুৱাই গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত দীৰ্ঘদিন চিকিৎসা গ্ৰহণ কৰি আছিল। কিন্তু আজি দুপৰীয়া তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ মৃত্যুত ৰাজ্যৰ কলাজগতত শোকৰ ছাঁ পৰে।