জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এ.পি.ডি.চি.এল., এ.ই.জি.চি.এল. আৰু এ.পি.জি.চি.এল.ৰ কাম-কাজৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

pc The Sentinel Assam

অলাইন বাৰ্ত্তাসেৱা – শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত এ.পি.ডি.চি.এল., এ.ই.জি.চি.এল. আৰু এ.পি.জি.চি.এল.ৰ কাম-কাজৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কোনো চৰকাৰী কৰ্মচাৰীয়ে যদি নিয়মিতভাৱে বিদ্যুৎ বিল পৰিশোধ কৰা নাই, তেন্তে তেনে কৰ্মচাৰীৰ দৰমহাৰ পৰা বিদ্যুৎ বিল কৰ্তন কৰিব লাগে। একেদৰে বিদ্যুৎ চুৰি গোচৰসমূহ ৰাজ্যৰ সকলো থানাতে ৰুজু কৰিব পৰা ব্যৱস্থা বিভাগে কৰিব লাগে। তদুপৰি শক্তি বিভাগৰ যি ৬৩ লাখ উপভোক্তা আছে তেওঁলোকক লৈ এক বিশেষ ডাটাবেজ তৈয়াৰ কৰিব লাগে যাতে উন্নত বিলিং ছিষ্টেম গঢ়ি তুলি ৰাজহ আদায়ৰ পৰিমাণ বৃদ্ধি কৰিব পৰা যায়। কেইবাটাও দিশৰ পুংখানুপুংখ পর্যবেক্ষণ কৰি মুখ্যমন্ত্রীয়ে লগতে অতি সোনকালে ঔদ্যোগিক তথা ব্যৱসায়িক কেন্দ্ৰসমূহৰ ডিষ্ট্রিবিউচন টেন্সফৰ্মাৰসমূহত বৈদ্যুতিক মিটাৰ স্থাপনৰ বাবেও নিৰ্দেশ দিয়ে৷ প্ৰাৰম্ভিকভাৱে ৫০০টা ডিষ্ট্রিবিউচন ট্রেন্সফৰ্মাৰত অগ্ৰাধিকাৰ ভিত্তিত মিটাৰ স্থাপন কৰি লাভ-লোকচানৰ বিষয়টো পর্যালোচনা কৰাৰ বাবে তেওঁ নিৰ্দেশ দিয়ে। তেওঁ লগতে অহা ১৫ দিনৰ ভিতৰত সকলোবোৰ ঔদ্যোগিক প্ৰতিষ্ঠানৰ সুনির্দিষ্ট স্থানত সকলোৱে প্ৰত্যক্ষ কৰিব পৰাকৈ বৈদ্যুতিক মিটাৰ স্থাপনৰ পদক্ষেপ ল’বলৈও নির্দেশ দিয়ে। ঔদ্যোগিক তথা ব্যৱসায়ী উপভোক্তাসকলক সংযোগী সকলো বিতৰণ টেন্সফর্মাৰে যাতে লাভ সৃষ্টি কৰিব পাৰে সেইটো নিশ্চিত কৰাৰ পদক্ষেপ ল’বলৈও তেওঁ এ.পি.ডি.চি.এল.ক নির্দেশ দিয়ে। এই বৈঠকতে মুখ্যমন্ত্রীয়ে এ.পি.ডি.চি.এল.ৰ বিভিন্ন ক্ষেত্ৰ কাৰ্যালয়ৰ বিষয়াসকলৰ বদলি কেৱল মেধা আৰু যোগ্যতাৰ ভিত্তিত প্ৰদানৰ ব্যৱস্থা ল’বলৈও কঠোৰ নিৰ্দেশ দিয়ে। বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই কোম্পানীকেইটাক লাভজনক কোম্পানীৰূপে গঢ়ি তোলাৰ বাবে গুজৰাটৰ লেখীয়া প্ৰযুক্তিগত আৰ্হি গ্ৰহণৰ নিৰ্দেশ দিয়ে। এইক্ষেত্ৰত প্ৰযুক্তিগতভাৱে গুজৰাটৰ লেখীয়া মিটাৰিং, বিলিং, কালেকচনৰ আৰ্হি গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ লগতে গুজৰাটৰ লেখীয়া এই ব্যৱস্থাৰ এক প্রেজেণ্টেচন দাঙি ধৰিবলৈও নির্দেশ দিয়ে। কোম্পানীকেইটাৰ একেবাৰে তৃণমূল পর্যায়ত পর্যালোচনা কৰি লোকচানৰ কাৰণসমূহ চিনাক্তকৰণ আৰু তাক শুধৰোৱাৰ বাবেও যথোচিত ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দি কোম্পানীকেইটাক সম্পূর্ণ বৃত্তিগতভাৱে লাভজনক প্রতিষ্ঠানলৈ ৰূপান্তৰকৰণৰ পৰিকল্পনা যুগুত কৰাৰ বাবে সময় নির্ধাৰিত কাৰ্যসূচী গ্ৰহণ কৰিবলৈ কয়। এ.পি.ডি.চি.এল., এ.ই.জি.চি.এল. আৰু এ.পি.জি.চি.এলে. ২০২১ চনৰ ৩১ মাৰ্চলৈকে চৰকাৰৰ পৰা গ্ৰহণ কৰা সকলোবোৰ ঋণ তাৎক্ষণিকভাৱে অংশীদাৰিত্বলৈ ৰূপান্তৰকৰণ আৰু ইয়াৰ পৰৱৰ্তী সময়ত এই অংশীদাৰিত্বৰ বিপৰীতে প্রাপ্য লাভালাভ প্রদান সম্বন্ধীয় এক জাননী অতি সোনকালে জাৰি কৰাৰ বাবে বিত্ত বিভাগক আজিৰ বৈঠকতে মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। তৃণমূল পর্যায়ত ৰাজহ আহৰণ আৰু বিল অনাদায় প্রতিষ্ঠানসমূহক চিনাক্ত কৰি প্রযুক্তিগতভাৱে বিল আদায়ৰ ব্যৱস্থাৰে এ.পি.ডি.চি.এল.ক এক লাভজনক ধাৰণাৰ সৃষ্টি কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে নির্দেশ দিয়ে। চৰকাৰী বিভাগসমূহে এ.পি.ডি.চি.এল.ক দিবলগীয়া সকলো বকেয়া বিলৰ ধন তাৎক্ষণিকভাৱে যাতে দিব পৰা যায় ইয়াৰ বাবে পদক্ষেপ ল’বলৈও বিত্ত বিভাগক মুখ্যমন্ত্রী ড° শৰ্মাই  নির্দেশ দিয়ে। আনহাতে সকলো বিল আদায় নিদিয়া উপভোক্তাৰ নাম, বৃত্তি ইত্যাদি সামৰি এক বিস্তৃত প্রতিবেদন প্রস্তুত কৰিবলৈও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে।