জনতা ভৱনত নতুন খণ্ড নিৰ্মাণৰ বাবে দ্ৰুত পদক্ষেপৰ নিৰ্দেশ – মুখ্যমন্ত্ৰী শৰ্মাৰ

জনতা ভৱনত নতুন খণ্ড নিৰ্মাণৰ বাবে দ্ৰুত পদক্ষেপৰ নিৰ্দেশ – মুখ্যমন্ত্ৰী শৰ্মাৰ

অনলাইন বাৰ্তাসেৱা – জনতা ভৱনত নতুন খণ্ড নিৰ্মাণৰ বাবে লোৱা পদক্ষেপ আৰু দিছপুৰ ৰাজধানী চৌহদৰ অন্যান্য আন্তঃগাঁথনি সম্পৰ্কীয় বিষয়সমূহৰ বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে জনতা ভৱনত তেওঁৰ কাৰ্যালয়সন্মিলন কক্ষত সচিবালয় প্ৰশাসন (এছএডি) আৰু পিডব্লিউডি (বিল্ডিং) বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে।

মুখ্যমন্ত্ৰীয়ে জনতা ভৱনত চলি থকা আৰু প্ৰস্তাৱিত কামবোৰ দ্ৰুতগতিত সম্পাদন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ সকলো আনুষ্ঠানিকতা সম্পূৰ্ণ কৰিবলৈ আৰু নতুন খণ্ডনিৰ্মাণ দ্ৰুততাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে।

বৈঠকত সঞ্চালকালয় কমপ্লেক্স স্থাপন, চৰকাৰী কোৱাৰ্টাৰ মেৰামতিৰ বাবে নতুন মেনুৱেল আদি সম্পৰ্কীয় কেইবাটাও বিষয়ৰ ওপৰতো আলোচনা কৰা হয়।