জনতাই জনার্দন,নৰৰূপী নাৰায়ণৰ সেৱাত বিজেপি : ভৱেশ কলিতা 

জনতাই জনার্দন,নৰৰূপী নাৰায়ণৰ সেৱাত বিজেপি : ভৱেশ কলিতা 

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ জাতি- জনগোষ্ঠীৰ সম বিকাশ আৰু সম উন্নয়নৰ তথা ৰাইজৰ আশা-আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বৃহস্পতিবাৰে অসম বিধানসভাৰ সদনৰ মজিয়াত বিত্তমন্ত্রী অজন্তা নেওগে ২০২৩-২৪ বৰ্ষৰ ৰাজ্য চৰকাৰে বাজেট দাখিল কৰে। উক্ত বাজেটক সমৰ্থন জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই আজি দলৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰে। সংবাদমেলত শ্রী কলিতাই বাজেটক আদৰণি জনাই কয় “জনতাই জনার্দন, নৰৰূপী নাৰায়ণৰ সেৱাত বিজেপি” এই মূল মন্ত্ৰৰে 2020-24 বৰ্ষৰ জনমুখী বাজেটে সমাজৰ সকলো স্তৰৰ ৰাইজৰ আশা-আকাংক্ষাক সামৰি লৈছে। অনাগত দিনত ৰাজ্যৰ ৩ কোটি ৪৫ লাখ ব্যক্তিৰ আশা-আকাংক্ষাক সফলভাবে বাস্তবৰূপ প্ৰদান কৰিবলৈ এই বাজেটে এক শক্তিশালী- গতিশীল ভূমিকা গ্ৰহণ কৰিব। বাজেটত গ্ৰহণ কৰা অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ১২৫০ টকাৰ পৰা ১৪০০ টকালৈ বৃদ্ধি, মুখ্যমন্ত্ৰী লঘু উদ্যোগ আঁচনি, মুখ্যমন্ত্রী এম এছ এম ই ঋণ ৰেহাই আঁচনি, প্ৰতিখন নগৰ অঞ্চলৰ যাতায়ত ব্যৱস্থা উন্নীতকৰণৰ বাবে ৩০০০ কিলোমিটাৰ নতুন পথ নির্মাণ, স্বাস্থ্য সেৱা দ্ৰুত উন্নয়ন, মহিলা সৱলীকৰণৰ বাবে পদক্ষেপ, প্রজ্ঞান ভাৰতী আঁচনি, চাহ জনজাতিৰ কল্যাণৰ বাবে লোৱা পদক্ষেপ সমূহে নিশ্চিতভাবে ৰাজ্যৰ সকলো জনসাধাৰণক উপকৃত কৰিব। শ্রী কলিতাই। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ চৰকাৰখনে ৰাজ্যৰ সৰ্বাংগীন বিকাশৰ বাবে যি মহান উদ্দেশ্য আগত লৈ নিৰন্তৰে কৰ্মৰাজি চলাই আহিছে তাৰেই এক গুৰুত্বপূৰ্ণ দিশ প্ৰতিফলিত হৈছে। ৰাজ্যিক সভাপতি ভৱেশ কলিতাই কয়, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেটখনে অসমক দেশৰ শীৰ্ষ পাঁচখন ৰাজ্যৰ ভিতৰত স্থান প্ৰদান কৰিব বুলি দৃঢ়বিশ্বাসী। অসমবাসীক এখন সর্বাংগসুন্দৰ বাজেট উপহাৰ দিয়াৰ বাবে ৰাজ্যিক সভাপতি গৰাকীয়ে আজি সংবাদ মেলৰ জৰিয়তে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, বিত্তমন্ত্রী অজন্তা নেওগক ধন্যবাদ জনায়। বাজেটখনক জনসাধাৰণৰ কাষলৈ লৈ যোৱাৰ উদ্দেশ্য অনাগত সময়ছোৱাত ভাৰতীয় জনতা পাৰ্টিৰ সাংসদ সকলে নিজ নিজ সমষ্টিত সংবাদ মেল সম্বোধন কৰিব। আনহাতে ৰাজ্যিক মুখপাত্র, পেনেলিষ্ট সকলে ৩৯ সাংগঠনিক জিলাতে জিলা সভাপতিৰ উপস্থিতিত মণ্ডল আৰু বুথ পৰ্যায়ত বাজেট সন্দৰ্ভত দলীয় কার্যকর্তা সকলৰ সৈতে চৰ্চা কৰিব বুলি ভৱেশ কলিতাই লগতে মন্তব্য প্রকাশ কৰে। ৰাজ্যিক বিজেপিৰ অনাগত কাৰ্যসূচীৰ সন্দৰ্ভত মন্তব্য প্ৰদান কৰি শ্ৰী কলিতাই কয় যে অহা ৬ এপ্রিলত সমগ্ৰ দেশৰ লগতে অসমতো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিবস আয়োজন কৰা হ’ব। তদুপলক্ষে দলৰ বুথ সভাপতিৰ পৰা আৰম্ভ কৰি শক্তিকেন্দ্ৰ আহ্বায়ক, মণ্ডল, জিলা তথা ৰাজ্যিকৰ সমূহ বিষয়ববীয়া, কাৰ্যনিৰ্বাহক সদস্য তথা মৰ্চাৰ বিষয়-ববীয়াসকলে নিজ নিজ বাসগৃহত দলীয় পতাকা উত্তোলন কৰিব। আনহাতে দলৰ ৪৪ সংখ্যক প্রতিষ্ঠা দিবস উপলক্ষে প্ৰতিটো বুথৰ বিভিন্ন স্থানত সৰ্বমুঠ ৪৪ জোপা গছপুলি ৰোপণ কৰিব ৷ একেদৰে অহা ৩০ এপ্রিলত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠান ‘মন কী বাতে’ ১০০ টা খণ্ড সম্পূৰ্ণ কৰিব। দলৰ প্ৰতিটো বুথতে উক্ত অনুষ্ঠান আড়ম্বৰপূৰ্ণভাবে আয়োজন কৰা হ’ব। আজিৰ সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখপাত্র পংকজ বৰবৰাৰ লগতে সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল উপস্থিত আছিল।