জণসাধাৰণক জ্বলা-ক’লা খুৱাইছে ফটাশিল বজাৰৰ যান-জঁটে

pc Depositphoos

জণসাধাৰণক জ্বলা-ক’লা খুৱাইছে ফটাশিল বজাৰৰ যান-জঁটে

অনলাইন বাৰ্ত্তাসেৱা – মহানগৰীৰ ফটাশিলত পদপথৰ ওপৰত একাংশ ব্যৱসায়িয়ে দোকান পহাৰ আদি বহুৱাত সৃষ্টি হোৱা ব্যাপক যান-জঁটৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখিন হৈছে জনসাধাৰণ। কিয়নো একাংশ নাগৰিকে ব্যক্তিগত দুচকীয়া-চাচিকীয়া বাহন পথৰ দাঁতিত ৰখাই পদপথৰ ওপৰত বহা দোকান-পোহাৰৰ পৰা বয়বস্তু ক্ৰয় কৰাৰ ফলত নিতৌ পথটোত সৃষ্টি হয় অভাৱনীয় যান-জঁট। পদপথৰ ওপৰত বহা শাক পাচলি, ফল-মূল, মাছ-মাংস, কাপোৰ-কানি, তামোল পাণ আদি বিভিন্ন বয়-বস্তু ক্ৰয় কৰাৰ বাবে ন-পার্কিং জ’নতে অৰ্থাৎ পথৰ মাজতে ব্যক্তিগত বাহন ৰখোৱাৰ ফলত সৃষ্টি হোৱা যান-জঁটৰ দীর্ঘ সময় ধৰি আবদ্ধ হ’ব লগা হয় সাধাৰণ নাগৰিক। বিশেষকৈ ফটাশিল বজাৰত নিতৌ সৃষ্টি হোৱা দীঘলীয়া যান-জঁটত দীর্ঘ সময় ধৰি আবদ্ধ হ’ব লগা হোৱাৰ ফলত অফিচ কাছাৰীলৈ যোৱা কৰ্মচৰী নিৰ্ধাৰিত সময়ত গন্তব্যস্থান পোৱাটো দুৰূহ হৈ পৰে। আনকি আৰ জি বৰুৱা কলেজৰ সন্মুখৰ পৰা শিখা গেছ এজেন্সীৰ সন্মুখলৈ সৃষ্টি হোৱা ব্যাপক যান-জঁটৰ আবদ্ধ হৈ জলা-কলা খাবলগা হয় পথটোৰে যাতায়াত কৰা যান-বাহন আৰোহী আৰু যাত্ৰী তথা নাগৰিক।

(UD.)