‘ছেমখৰ’ত ভুল তথ্যৰে ডিমাচা জনগোষ্ঠীক অপমান কৰিছে পৰিচালিকা আইমী বৰুৱাই’

‘ছেমখৰ’ত ভুল তথ্যৰে ডিমাচা জনগোষ্ঠীক অপমান কৰিছে পৰিচালিকা আইমী বৰুৱাই’

ৰঙিলী বাৰ্ত্তাসেৱা-  ‘ছেমখৰ’ নামৰ ছবিখনত ভুল তথ্যৰ উপস্থাপনেৰে পৰিচালক-প্ৰযোজক আইমী বৰুৱাই ডিমাচা জনগোষ্ঠীক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্ত আৰু অসম তৃণমূল মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকাৰে৷অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই ছবিখনত ডিমাচা জনগোষ্ঠীৰ লোকপ্ৰথাৰ ভুল উপস্থাপনৰ তথ্য দাঙি ধৰি জবাবদিহি কৰে অভিনেত্ৰী আইমী বৰুৱাক। ছবিখনত দেখুওৱা অনুসৰি প্ৰসূতি মাতৃৰ মৃত্যুৰ পাছত জন্ম হোৱা সন্তানটি কন্যা সন্তান হ’লে মাতৃৰ লগত সন্তানটিকো মাৰি পেলোৱা বুলি উপস্থাপন কৰা কথাটো জনগোষ্ঠীটোৰ লগত মিল নথকা কথা। ইয়াৰ জৰিয়তে আইমী বৰুৱাই অসমক বিশ্ববাসীৰ সন্মুখতে লজ্জানত কৰিলে। কিয়নো ডিমাচাসকল অসমৰে অংশ। আনহাতে সামাজিক মাধ্যমত আইমী বৰুৱাই বিভিন্ন কাকত-আলোচনী আৰু লোকৰ পৰা পোৱা তথ্যৰ ভিত্তিত ছবিখনৰ কাহিনী প্ৰস্তুত কৰা বুলি কৈছে। তাৰ মানে বেলেগৰ কথাৰ ভিত্তিতহে ছবিখন নিৰ্মাণ কৰিছে আইমী বৰুৱাই। ছবিখনৰ কাহিনী প্ৰস্তুতিৰ সময়ত কি তেওঁৰ নিজা গৱেষণা নাছিল নেকি?,’ অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তৰ বক্তব্য।সংবাদ মেলত বন্দীপ দত্ত আৰু পাপৰি মালাকাৰে লগতে ছবিখনক চেন্সৰ বোৰ্ডে প্ৰদান কৰা অনুমতি বাতিল কৰাৰ লগতে ছবিখনে লাভ কৰা বঁটাসমূহ ঘূৰাই লোৱাৰো দাবী জনায়।সংবাদমেলত অসম তৃণমূল মহিলা কংগ্ৰেছৰ সভানেত্ৰী অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসম তৃণমূল যুৱ কংগ্ৰেছৰ তত্বাৱধায়ক দিগন্ত ভূষণ বৰ্মন আৰু অসম তৃণমূল মহিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা স্মৃতি শৰ্মা হাজৰিকাও উপস্থিত থাকে।