“ছালৰ সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ” – ডাঃ বিজিতা চুতীয়া

pc eMedicineHealth

ছালৰ সমস্যা আৰু ইয়াৰ প্ৰতিকাৰ

 

ছালখন হৈছে আমাৰ শৰীৰৰ সৰ্ববৃহৎ অংগ। যিয়ে আমাৰ ব্যক্তিত্ব ধৰি ৰখাটো গুৰুত্বপূৰ্ণ ভূমিকা গ্রহণ কৰে৷ সেয়ে আমি সকলোৱে ছালখন সুন্দৰ কৰি ৰাখিবলৈ যত্ন লোৱা উচিত। বর্তমান যুগত ছালৰ নানা সমস্যাই দেখা দিছে। স্বাস্থ্যকৰ জীৱনশৈলী আৰু খাদ্যাভাসে ছালত বাৰুকৈয়ে প্রভাব পেলায়৷ বিশেষকৈ বাৰিষা কালত আমাৰ শৰীৰৰ উষ্ণতা প্ৰকোপিত হোৱাৰ ফলত ছালৰ নানা সমস্যাই দেখা দিছে।

ছালৰ সমস্যাৰ কাৰণসমূহ :

আয়ুর্বেদ অনুসৰি বিসংগতিপূর্ণ জীৱনশৈলী আৰু অস্বাস্থ্যকৰ খাদ্যাভ্যাসৰ ফলত ছালৰ ৰোগ হয়। সেইসমূহ হৈছে –

* অতিমাত্রা ভোজন।

* ৰুক্ষ, শীতল, নিমখীয়া, জ্বলা আৰু টেঙাজাতীয় আহাৰ সেৱন।

* আগতে খোৱা খাদ্যহজম নোহোৱাকৈ পুনৰ খাদ্য গ্রহণ।

* ৰাতি দেৰিকৈ আহাৰ গ্ৰহণ কৰা ৷

* অতি মাত্ৰা ৰ’দ বা গৰম ঠাইৰ পৰা আহি লগে লগে ঠাণ্ডা পানীৰে গা ধোৱা।

* অত্যধিক শাৰীৰিক পৰিশ্ৰম, মানসিক চাপ।

* অতিমাত্রা দৈ, মাছ, গাখীৰ সেৱন কৰা।

* কোষ্ঠবদ্ধতা।

* অত্যধিক চাহ, কফী, এলকহল সেৱন।

* দিনত শোৱা আদি।

উপৰিউক্ত কাৰণসমূহৰ প্রভাৱত আমাৰ শৰীৰত পিত্ত দোষ প্রকোপিত হয়। পিত্তই আমাৰ ছালত থিতাপি লৈ আন দোষ (বাত, কফ) আৰু শৰীৰৰ ধাতুসমূহো দুখিত কৰি ছালত নানা ৰোগৰ সৃষ্টি কৰে। তাৰ ভিতৰত একজিমা (Eczema) ছৰিয় ‘ছিছ (Pssorisis), খজুৱতি, শালমইনা, এৰিথ্রোডাৰ্মা (Erythroderma), ভিটিলিগ’, ফটোচেনচিটিভিটি (Photosensitivity)।

প্ৰতিৰোধৰ উপায় : সঠিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰে ছালৰ ৰোগসমূহৰ পৰা আঁতৰি থাকিব পাৰি। যেনে

* জ্বলা, মচলা, টেঙা, তেলজাতীয় আহাৰ ত্যাগ কৰা।

* ছিন্থেটিক কাপোৰ বৰ্জন কৰি ঢিলা, কপাহী কাপোৰ পৰিধান কৰা উচিত।

* গা মচিবলৈ মিহি, কোমল টাৱেল ব্যৱহাৰ কৰিব লাগে।

* অত্যধিক চাহ, কফি ত্যাগ কৰা।

* এলকহল, ধুমপান পৰিত্যাগ কৰা।

* ৰোগ প্ৰতিৰোধী ক্ষমতা বঢ়াবলৈ ভূজাংগাসন, অগ্নিসাৰ ইত্যাদি আসন, প্রাণায়াম কৰা উচিত।

* অধাৰণীয় ৰোগ যেনে শৌচ, পেচাব আদি ধাৰণ নকৰা।

চিকিৎসা : আয়ুৰ্বেদত ৰোগ সৃষ্টিকাৰী কাৰণসমূহ পৰিত্যাগ কৰা অর্থাৎ নিদান পৰিবৰ্জন কৰিবলৈ উপদেশ দিছে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ পঞ্চকর্ম চিকিৎসা যেনে বিচেন, ৰক্তমোক্ষণ ইত্যাদিৰ জৰিয়তে ৰোগীৰ শৰীৰৰ শোধন কৰা হয়।

আয়ুৰ্বেদত ৰোগৰ প্ৰকাৰ আৰু ৰোগী অনুযায়ী বিভিন্ন শাস্ত্রীয় ঔষধি ব্যৱহাৰ কৰা হয়। যেনে নিম, পঞ্চতিক্তঘৃত গুগুলু, আৰোগ্যবৰ্ধিনী বটী, গন্ধক ৰসায়ন, ৰস মানিক্য, খদিৰাৰিষ্ট ইত্যাদি তথা মহামৰিচ্যাদি তেল, নিগুণ্ডি তেল, গন্ধকাদি মলম লগাবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু এইসমূহ ঔষধ চিকিৎসকৰ পৰামৰ্শ অনুসৰিহে গ্ৰহণ কৰা উচিত। এতিয়া আমি কেইবিধমান ছালৰ ৰোগৰ বিষয়ে জানি লওঁ আহক।

একজিমা (Eczema) : ছালৰ এটা গুৰুত্বপূৰ্ণ সমস্যাৰ ভিতৰত একজিমা অন্যতম। এই সমস্যা বিশেষকৈ ৫ বছৰ বয়সৰ আগতে দেখা যায় যদিও সকলো সময়তে হ’ব পাৰে। একজিমাৰ লক্ষণসমূহ হৈছে – ছাল ৰঙা পৰা, শুকান চকলা-চকল ছাল, ছাল উখহি উঠা, জ্বলা-পোৰা, অসহ্য খজুৱতি ইত্যাদি। আয়ুর্বেদত একজিমাক বিচৰ্চিকা নামেৰে জনা যায়। এই ৰোগ বিশেষকৈ হাত, ডিঙি, মুখ আৰু ভৰিত হয় যদিও সকলো অংশতে হ’ব পাৰে।

একজিমা নিৰাময়ৰ ঘৰুৱা উপায় :

* ২০-৩০ খিলামান নিমপাত ৪ৰ পৰা ৫ কাপ পানীত ২০ মিনিটমান উতলাই ক্বাথ তৈয়াৰ কৰি ল’ব। ঠাণ্ডা হলে আক্রান্ত ঠাইত লগাই পিছত পানীৰে ধুই দিব।

* এক চামুচ য়ষ্টিমধু শিপাৰ গুৰিৰ লগত অলপ তিল তেল মিলাই এটা পাত্ৰত গৰম কৰি ল’ব। আক্রান্ত ঠাইত লগাই ৩-৪ ঘণ্টাৰ বাবে বেণ্ডেজেৰে মেৰিয়াই ৰাখিব। দিনে দুবাৰকৈ ব্যৱহাৰ কৰিব।

* এলোভেৰা জেল বা নাৰিকল তেল লগালেও যথেষ্ট আৰাম পায়।

* অতিমাত্ৰা খজুৱতি হ’লে ১০০ মিঃ লিঃ তেলৰ লগত এক চামুচ কৰ্পূৰ গুড়ি মিলাই লগালে খজুৱতি কমে।

* অলিভ অইল বা নিম তেল লগালেও চালৰ শুষ্কতা কমে।”

* চন্দন পেষ্ট গোটেই ৰাতি লগাই ৰাখিব পাৰে৷

* হালধি গুড়ি পানীত উতলাই ল’ব। ঠাণ্ডা হ’লে আক্রান্ত ঠাইডোখৰ এই পানীৰে ধুব।

* টিয়হ চকলা-চকলকৈ কাটি পানীত দুঘণ্টাৰ বাবে তিয়াই ৰাখিব।

* পিছত পানীখিনি চেকি লৈ চাফা কাপোৰ এখনেৰে লগাব।

ছৰিয় ‘ছিছ (Psoriosis) : ছৰিয়’ছিছ হৈছে  এবিধ Auto immune ৰোগ। এইবিধ ৰোগত ছালখন ৰুক্ষ, ডাঠ হৈ পৰে দেখিবলৈ মাছৰ বাকলিৰ নিচিনা হয়। খজুৱতি ইত্যাদি থাকে। এই সমস্যা হাত আঁৰু ভৰিৰ নখতো হয়।

লগতে ছালৰ ওপৰত ৰূপালী ৰঙৰ ডাঠ তৰপৰ সৃষ্টি হয়। পুৰণি হ’লে ছৰিয়’ছিছ আথ্রাইটিছ অর্থাৎ গাঁঠিৰ বিষ আৰু গাঁঠি ফুলিব পাৰে।

ছৰিয়’ছিছ ৰোধ কৰাৰ উপায় : কুহুমীয়া গৰম পানীৰ লগত অলিভ অইল মিলাই গা ধুব। খোৱা খাদ্যত হালধি অন্তর্ভুক্ত কৰা উচিত। ইয়াৰ উপৰি ভিটামিন ডি যুক্ত আহাৰ, মাছৰ তেল, ওমেগা-৩ ফেটি এচিডযুক্ত আহাৰ, বাদামজাতীয় খাদ্য খোৱা উচিত।

শালমইনা : শালমইনা বিশেষকৈ যৌৱন অৱস্থাত হয় বাবে আয়ুৰ্বেদত ইয়াক যৌৱন পিড়িকা নামেৰে জনা যায়। শালমইনা সাধাৰণতে কপাল, গালৰ দুয়োকাষ, নাকৰ ওপৰত আৰু খুঁতৰিত বেছিকৈ হয় ৷ তেলেতীয়া ছাল আৰু উফি এই সমস্যাৰ মুখ্য কাৰণ।

শালমইনা নিৰাময়ৰ ঘৰুৱা উপায় :

* দুই চামুচ মৌ আৰু এক চামুচ দালচেনি মিলাই পেষ্ট বনাই ল’ব। মুখখন ছাফা কৰি এই পেষ্ট ১০-১৫ মিনিটৰ বাবে লগাই পিছত ধুই দিব।

* জায়ফল পানীৰ লগত মিহলাই পেষ্ট বনাই ১০-১৫ মিনিটৰ বাবে লগাই পিছত পানীৰে ধুব। দিনে দুবাৰকৈ লগাব।

* লং পানীৰ লগত মিহলাই পেষ্ট বনাই ১০-১৫ মিনিট লগাই ধুই দিব। দিনে এই উপায় দুবাৰকৈ কৰিব।

* চন্দন পেষ্ট দিনে দুবাৰকৈ ১০-১৫ মিনিট লগাই থ’ব।

* মচুৰ দাইল, হালধি, নেমুৰ ৰস মিলাই পেষ্ট বনাই ১০-১৫ মিনিটৰ বাবে লগাই থ’ব।

* কেঁচা নহৰু দিনটোত লগাই থাকিব। ই বিষ নিৰাময় কৰাৰ লগতে শালমইনা শুকুৱাত সহায় কৰে।

খজুৱতি : চালত খৰ-খজুৱতি কাৰণত হ’ব পাৰে। যেনে –

* শুকান ছাল।

* সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত চান বার্ন হ’লে।

* কিছুমান ঔষধৰ, পাৰ্শ্বক্ৰিয়া হ’লে।

* মহ বা অন্যান্য পোক-পৰুৱাই কামুৰিলে।

* ফাংগেল ইনফেকচন, ৰিংৱৰ্ম ইত্যাদি।

খজুৱতি নিৰাময়ৰ ঘৰুৱা উপায় :

* নিম তেল বা নিম পাতৰ পেষ্ট লগালে খজুৱতি কমে।

* পদিনা পাত গুড়ি কৰি আক্ৰান্ত ঠাইত লগালে আৰাম পায়।

* তুলসী পাতৰ ৰস ছালত লগাই ঘঁহিব।

* দুই চামুচ দালচেনি গুড়ি কৰি মৌৰ লগত মিলাই ১০-১৫ মিনিট লগাই ধুই দিব। দিনে তিনিবাৰকৈ লগাব।

* ৬ চামুচ নাৰিকল তেলৰ লগত ৪ চামুচ নেমুৰ ৰস মিলাই কুহুমীয়াকৈ গৰম কৰি গোটেই ৰাতি লগাই থ’ব।

* এলোভেৰা জেল বা নেমুৰ ৰস লগালেও খজুৱতি কমে।

গতিকে উপৰিউক্ত নিয়মাৱলীসমূহ মানি চলি আমি ছালৰ নানা সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ।

ডাঃ বিজিতা চুতীয়া