ছানছাইন প্ৰফেছনেল একাডেমী ইলুমিছ ক্লিনিকৰ সংবাদ মেল

p.c- Facebook

ছানছাইন প্ৰফেছনেল একাডেমী ইলুমিছ ক্লিনিকৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা-  ছানছাইন প্ৰফেছনেল একাডেমীয়ে ইলুমিছ ক্লিনিকৰ সহযোগত চলিত বৰ্ষৰ পৰা সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা পোন্ধৰ গৰাকীকৈ মহিলাক সম্বৰ্ধনা জনোৱাৰ কথা ঘোষণা কৰিছে ৷সমগ্ৰ উত্তৰ – পূৰ্বাঞ্চলত ২০১৪ চনৰ পৰাই মহিলা আৰু যুৱক – যুৱতীসকলৰ উত্তৰণৰ ক্ষেত্ৰত এই দুয়োটা সুংস্থাই বিভিন্নধৰণৰ প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰি আহিছে । ছানছাইন প্রফেচনেল একাডেমীৰ স্বত্বাধিকাৰী জুৰি শইকীয়া আৰু ড ° ৰীমা দাস মল্লিকে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলাত কয়- সমগ্ৰ উত্তৰ – পূৰ্বাঞ্চলত যুৱ প্ৰজন্মৰ মহিলাসকলক উদগনি যোগোৱা আৰু তেওঁলোকৰ প্রতিভা বিকাশ কৰাৰ উদ্দেশ্যে তেওঁলোকে কাম কৰি যোৱাৰ সুদীর্ঘ লক্ষ্য নিৰ্ধাৰণ কৰিছে , যাতে এনে মহিলাকসকলক স্বাৱলম্বিতাৰ পথ প্ৰদৰ্শন কৰিব পৰা যায় । সাধাৰণ শিক্ষাৰ্থীসকলৰ লগতে তেওঁলোকে দাৰিদ্র্য সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীসকলকো বিনামূলীয়াকৈ প্রশিক্ষণ আগবঢ়াই গৈছে । তেওঁলোকৰ সংস্থাৰ অধীনত প্রশিক্ষণ লাভ কৰিছে আধাতে শিক্ষা সমাপ্ত কৰা বহুতো শিক্ষার্থীয়ে । এনে শিক্ষার্থীসকলো এতিয়া বিভিন্ন ক্ষেত্ৰত প্রতিষ্ঠিত হৈছে । সমাজৰ বিভিন্ন স্তৰৰ মহিলাসকলক অনুপ্রাণিত কৰাৰ উদ্দেশ্যে তেওঁলোকে ইলুমিয়েৰ এক্সিলেন্স এৱাৰ্ড বেনাৰৰ অধীনত এইবাৰৰ পৰা বিভিন্ন ক্ষেত্ৰৰ মহিলাসকলক সম্বৰ্ধনা জ্ঞাপনৰ এক বিশেষ পদক্ষেপ গ্রহণ কৰিছে । এইবাৰৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব ভিভাণ্টা বাই তাজত৷ ৯ জানুৱাৰীত অনুষ্ঠিতব্য এই সম্বর্ধনা অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰত অনুপ্ৰেৰণাৰ নিদৰ্শন দাঙি ধৰা পোন্ধৰ গৰাকীকৈ মহিলাক সম্বৰ্ধনা জ্ঞাপন কৰা হ’ব । তেওঁলোকৰ লগত উপস্থিত থাকিব কেইবাগৰাকীও বিশিষ্ট অতিথি । এইবাৰ সম্বৰ্ধনা জ্ঞাপন কৰিবলগীয়া মহিলাসকল হৈছে— অনামিকা চৌধাৰী ( ব্যৱসায় ) , নিলী আহমেদ ( শিক্ষা ) , ডাঃ বিজু দত্ত চৌধুৰী ( চিকিৎসা ) , ইন্দ্ৰাণী ৰায় মেধি ( মিডিয়া ) , মিত্ৰা ফুকন ( সাহিত্য ) , পমি বৰুৱা ( প্রশাসন ) , জ্যোতি দাস ( কিউলিনেৰী ) , অনিতা চেতিয়া ( পৰম্পৰাগত ফেশ্বন ) , মেঘনা মেহজাবিন ( আধুনিক ফেশ্বন ) , বাসৱী বোস ( ডিজাইন ) , অঞ্জনা গোস্বামী ( সামাজিক কাম ) , অৰ্চনা ভট্টাচার্যী ( ক্রীড়া ) , ড ° অঞ্জনাময়ী শইকীয়া ( পাৰফর্মিং আৰ্টছ ) , দীপশিখা বৰা ( সৌন্দৰ্য চৰ্চা ) আৰু সীমা বিশ্বাস ( চিনেমা ) । এইবাৰ জুৰি হিচাপে উপস্থিত থাকিব মাইনী মহন্ত , প্ৰণয় বৰদলৈ , মনোজ শ‍ইকীয়া , অতুল লহকৰ , নীলাদ্রী গোহাঁই আৰু ড ° কস্তুৰী ভট্টাচার্যী ।