ছাত্ৰাৱস্থাত সময়ৰ মূল্য অধিক গুৰুত্বপূৰ্ণ – ৰশ্মি ৰেখা দুৱৰা

PC - 3p Learning

ছাত্ৰাৱস্থাত সময়ৰ মূল্য অধিক গুৰুত্বপূৰ্ণ

ৰশ্মি ৰেখা দুৱৰা,  ডিব্ৰুগড়

সময় গতিশীল।নদীয়ে যিদৰে গতি কৰি প্ৰৱাহিত হয়,ঠিক তেনেদৰে সময়ো গতি কৰে।ছাত্ৰাৱস্থাৰ সময়খিনিয়েই হৈছে জীৱনটোক গঢ় দিয়াৰ উপযুক্ত সময়।এই সময়ছোৱাত জীৱনটোক যেনেদৰে পৰিচালিত কৰা হয়,পৰৱৰ্তী সময়ত ভৱিষ্যতৰ সম্পূৰ্ণ পথছোৱা তেনেদৰেই ধাৱিত হয়।সময় এনে এক সম্পদ যাক এবাৰ হেৰুৱালে পুনৰ কেতিয়াও ঘূৰাই আনিব নোৱাৰে।ছাত্ৰ জীৱনত সময়ৰ মূল্য অধিক গুৰুত্বপূৰ্ণ।ছাত্ৰ-ছাত্ৰী সকলে ভৱিষ্যৎ জীৱনৰ বাবে জ্ঞান সঞ্চয় কৰিবলৈ হ’লে ছাত্ৰাৱস্থাৰ সময় খিনিৰ পৰাই উচিত ব্যৱহাৰ কৰিব লাগিব।অবাবত সময় নষ্ট কৰাৰ পৰা বিৰত থাকিব লাগিব।জীৱন পথত সকলো বাধাৰ সন্মুখীন হৈ সাহসেৰে অতিক্ৰম কৰি উপযুক্তভাৱে নিজকে সকলোবোৰ দিশৰ পৰা সাজু কৰি তুলিবলৈ ছাত্ৰ-ছাত্ৰীসকলে সময়ৰ পাঠ সময়ত আহৰণ কৰিব লাগিব।পাছত কৰিম বুলি সময়ৰ অসৎ ব্যৱহাৰ কৰিলে গুচি যোৱা সময়খিনি দুনাই ঘূৰি নাহে।সময়ৰ সমষ্টিক লৈয়েই মানৱ জীৱন গঠিত।জীৱনত যিচোৱা সময় জীৱিত থকা হয়,সেই নিৰ্ধাৰিত সময়চোৱা সঠিকভাৱে ব্যৱহাৰ কৰাটো উচিত।ছাত্ৰাৱস্থাৰ সময়চোৱাক উচিতভাৱে ব্যৱহাৰ কৰাৰ অভ্যাস গঢ়ি তুলিব পাৰিলে জীৱনটোক এটি সুন্দৰ তথা সফলতাৰ ৰূপ দিব পৰা যায়।সময়ৰ কাম সময়ত সম্পাদন কৰিব পাৰিলেহে সময়ৰ মূল্য অনুধাৱন কৰিব পাৰি।কৰ্মত সময় অনুসৰি অগ্ৰসৰ হোৱাটোৱেই সকলোৰে কৰ্তব্য।