চৰকাৰৰ ৭২০০ কোটি টকা ঋণ ৰেহাই

pc- India Today

চৰকাৰৰ ৭২০০ কোটি টকা ঋণ ৰেহাই

অনলাইন বাৰ্ত্তাসেৱা– মহিলাসকলক ঋণ প্ৰদান কৰা ৩৮ টা মাইক্ৰʼফাইনেন্স কোম্পানীৰ সৈতে চৰকৰে এক বুজাবুজিত চুক্তি স্বাক্ষৰ কৰে। এই চুক্তিত স্বাক্ষৰ হোৱাৰ লগে লগে পৰ্যায়ক্ৰমে ঋণ গ্ৰহণকাৰীসকলৰ ঋণ মাফ কৰি দিয়া হʼব। ৩৮ টা মাইক্ৰ’ফাইনেন্স কোম্পানীৰ শীৰ্ষ কার্যকর্তাসকল উপস্থিত থকা বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে ভাষণ প্রদান কৰি কয় যে ভাৰতীয় ৰিজাৰ্ভ বেংকে বান্ধি দিয়া নীতিৰ বাহিৰত গৈ যাতে মাইক্রফাইনেন্স কোম্পানীয়ে ঋণ প্রদান নকৰে৷ বানৰ সময়ত যাতে আশ্রয় শিবিৰত থকা ঋণ গ্ৰহণকাৰীক ঋণ প্ৰদান কৰিবলৈ মাইক্ৰ’ফাইনেন্স কোম্পানীয়ে বাধ্য নকৰে।মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়া মানুহ যথেষ্ট দায়িত্বশীল আৰু কেতিয়াও কাকো প্রবঞ্চনা নকৰে৷ মাইক্ৰ ফাইনেন্সৰ পৰা ঋণ লৈ হয়তো তেওঁলোকে কৰʼনাকেন্দ্ৰিক পৰিৱেশৰ বাবে ওভতাই দিব পৰা নাই, কিন্তু তেওঁলোকক হাৰাশাস্তি কৰিব নালাগে।কেতবোৰ দৃষ্টিভংগীৰ পৰা মাইক্ৰ’ফাইনেন্স কোম্পানীসমূহ দূৰত থাকিব লাগে ৷ একেদৰে ৰাজ্য চৰকাৰেও এই মাইক্রফাইনেন্স কোম্পানীসমূহ অসমত কিদৰে পৰিচালিত হʼব সেই সম্পর্কত ইতিমধ্যে আইন প্রণয়ন কৰিছে। গতিকে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতিৰ বাহিৰত গৈ ঋণ প্রদান কৰিব নোৱাৰিব আৰু এজেণ্টেও গ্রাহকক হাৰাশাক্তি কৰিব নোৱাৰিব। মুখ্যমন্ত্রীয়ে কয় যে নতুন চৰকাৰে দায়িত্ব লোৱাৰ পাছতে প্ৰথম কেবিনেটত মাইক্ৰ’ফাইনেন্সৰ ঋণ লোৱা মহিলাসকলক কিদৰে সকাহ দিব পাৰি সেই সন্দৰ্ভত এখন সমিতি গঠন কৰা হৈছিল। ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ সময়ত বহু প্রতিশ্রুতি দিয়ে যদিও সেইসমূহ কার্যক্ষেত্ৰত ৰূপায়ণ নকৰে। কিন্তু এইখন এনে এক চৰকাৰ যিখনে নিৰ্বাচনৰ সময়ত দিয়া কথাৰ অধিক আগলৈ গৈ সহায় কৰিব লৈছে। এই চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিটো প্রতিশ্রুতি বাস্তৱত ৰূপায়ণ কৰাৰ বাবে তৎপৰ হৈছে।

 

(RT)