চৰকাৰে বৃদ্ধি কৰিব পাৰে OBC ৰ বাবে সংৰক্ষিত পদৰ সংখ্যা

pc Mint

অনলাইন বাৰ্ত্তাসেৱা – চৰকাৰে অন্যান্য পিছপৰা শ্ৰেণী অৰ্থাৎ ‘OBC’ ৰ বাবে বাৰ্ষিক উপাৰ্জনৰ সীমা বৰ্তমানৰ ৮ লাখৰ পৰা বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে, যাৰ ফলত চাকৰি আৰু শিক্ষাৰ বাবে সংৰক্ষিত পদৰ সংখ্যা  অধিক সম্প্ৰসাৰিত হ’ব পাৰে। বৰ্তমানে, শৈক্ষিক প্ৰতিষ্ঠানবোৰত ২৭% চৰকাৰী চাকৰিৰ আসন ‘OBC’ৰ বাবে সংৰক্ষিত; অৱশ্যে, ৮ লাখৰ অধিক বাৰ্ষিক পাৰিবাৰিক উপাৰ্জন থকাসকলক ‘ক্ৰীমি লেয়াৰ’ বুলি গণ্য কৰা হয় আৰু এইসকলক এই লাভালাভবোৰৰ পৰা বাদ দিয়া হয়।

(UD.)