চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত(দৰমহা নোপোৱা) প্ৰাথমিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী

চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত(দৰমহা নোপোৱা) প্ৰাথমিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী

ৰঙিলী বাৰ্ত্তাসেৱা-  চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত (দৰমহা নোপোৱা) প্ৰায় ৪ হাজাৰ প্ৰাথমিক শিক্ষকৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনাইছে সদৌ অসম চৰকাৰীভাৱে নিযুক্তিপ্ৰাপ্ত দৰমহা নোপোৱা প্ৰাথমিক শিক্ষক সন্থাই৷ দিছপুৰ প্ৰেছ ক্লাবত সংগঠনটোৱে আয়োজন কৰা সংবাদ মেলত সম্পাদক অভয় চৰণ শৰ্মাই কয়-সমগ্ৰ অসমত ১৯৯১ চনৰ আগৰ পৰা ২০০১ চনৰ পাছত অসমৰ বিভিন্ন জিলাত ১১,৬২০ গৰাকী শিক্ষকে বিদ্যালয়ত চৰকাৰীভাৱে নিযুক্তি পাই৷ বিগত চৰকাৰে বিভাগীয় ষ্ক্ৰিনিং কমিটীৰ প্ৰতিবেদনৰ ভিত্তিত প্ৰায় ৮,৪৭০ গৰাকী শিক্ষককহে দৰমহা নোপোৱা কৰ্মৰত শিক্ষক বুলি গণ্য কৰি এবিচিডি কেটেগৰীত ভাগ কৰি পৰ্যায়ক্ৰমে প্ৰায় ৫ হাজাৰ শিক্ষকৰ দৰমহা মোকলাই নিয়মীয়া শিক্ষক-টিউটৰ শিক্ষক হিচাপে স্বীকৃতি দিয়ে৷মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেতিয়া বাদ পৰি যোৱা ডি কেটেগৰীৰ প্ৰায় ৪ হাজাৰ শিক্ষকক নিয়মীয়াকৰণৰ আশ্বাস দিছিল যদিও আজিলৈকে নিয়মীয়াকৰণ নকৰিলে৷ইতিমধ্যে একাংশৰ বয়স উকলি যোৱাৰ উপক্ৰম হৈছে৷তাৰোপৰি কেবাজনো শিক্ষকে ফুটাকড়ি এটাও নোপোৱাকৈ অৱসৰ গ্ৰহণ কৰাৰ লগতে মৃত্যু বৰণ কৰিছে৷বৰ্তমান পৰিয়াল চলা অসম্ভৱ হৈ পৰিছে৷মা,দেউতা,ল’ৰা-ছোৱালীক পোহ পাল দিব নোৱাৰা হৈ পৰিছো৷ আৰ্থিক দুৰৱস্থাৰ বাবে নিজ সন্তানক এসাজ খুৱাব নোৱাৰাৰ লগতে বিদ্যালয়ত পঢ়াব পৰা নাই৷এই সংবাদ মেলৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে যাতে মানবীয় খাতিৰত নিয়মীয়াকৰণ কৰে তাৰ বাবে দাবী জনালো৷অন্যথা গণতান্ত্ৰিক আন্দোলনৰ পথ লোৱা হ’ব বুলি নেতাজনে সংবাদ মেলত সদৰী কৰে৷সংবাদ মেলত সংগঠনৰ সভাপতি জিতেন বৰ্মন আদি কেইবাজনো সদস্য উপস্থিত থাকে৷