চোৰাংচোৱা ব্যুৰোৰ বিশেষ সঞ্চালক হিচাপে নিযুক্তি তপন কুমাৰ ডেকাক

Tapan Kumar Deka

তপন কুমাৰ ডেকাক চোৰাংচোৱা ব্যুৰোৰ বিশেষ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে। তপন কুমাৰ ডেকাই চোৰাংচোৱা ব্যুৰোৰ (আই.বি.) বিশেষ সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰে ২৪ জুনত। গৃহ মন্ত্ৰালয়ে দাখিল কৰা প্ৰস্তাৱৰ ভিত্তিত ২৩ জুনত কেবিনেটৰ নিযুক্তি সমিতিয়ে ডেকাৰ নিযুক্তিকে ধৰি ১৪ টা আই.পি.এছ.ৰ পদোন্নতিত অনুমোদন জনায়।