চেপ্টেম্বৰৰ পৰা পাঠদান আৰম্ভ হ’ব ভেৰগাঁৱৰ  তক্ষশীলা নাট্য মহাবিদ্যালয়ত

চেপ্টেম্বৰৰ পৰা পাঠদান আৰম্ভ হ’ব ভেৰগাঁৱৰ  তক্ষশীলা নাট্য মহাবিদ্যালয়ত

বাৰ্ত্তাসেৱা-নেছনেল পাৰফৰ্মিং আৰ্ট এছ’চিয়েছন অৱ ইণ্ডিয়াৰ পঞ্জীয়নভুক্ত ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত চেউনী কাকাৰামাৰীস্থিত তক্ষশীলা নাটক, নৃত্য আৰু সংগীত মহাবিদ্যালয়, অসমৰ শ্ৰেণী সমূহ অহা পহিলা চেপ্টেম্বৰৰ পৰা আৰম্ভ কৰা হ’ব। আজি মহাবিদ্যালয়খনৰ সঞ্চালক নাট্যাচাৰ্য পখিলা কলিতাই সংবাদ মাধ্যমৰ আগত উক্ত  সিদ্ধান্ত সদৰী কৰি লগতে কয় যে এই বৰ্ষৰ পৰা শ্ৰেণী সমূহ শিক্ষানুষ্ঠানখনৰ নিজা ভূমিত নিৰ্মাণ কৰি উলিওৱা  ভৱনটোত অনুষ্ঠিত কৰা হ’ব । অৱশ্যে চৰকাৰে ক’ভিডজনিত পৰিবেশৰ বাবে আৰোপ কৰা বাধা উঠাই ল’লেহে মহাবিদ্যালয়খনৰ শ্ৰেণী সমূহ আৰম্ভ কৰিব পৰা যাব বুলি তেওঁ কয়। বৰ্তমান অনলাইন যোগে পাঠদান চলাই থকা হৈছে যদিও পৰিবেশ্য কলাৰ পাঠ্যক্ৰমৰ ক্ষেত্ৰত শ্ৰেণী কোঠাৰ পাঠদান হে ফলপ্ৰসু বুলি তেওঁ মন্তব্য কৰে। ইপিনে মহাবিদ্যালয়খনৰ প্ৰশিক্ষক, শিক্ষাৰ্থী সকলৰ উপস্থিতিত মহাবিদ্যালয় প্ৰাংগণত  অসম- মিজোৰামৰ সীমা বিবাদকলৈ অলপতে কাছাৰ জিলাৰ লাইলাপুৰত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ আক্ৰমণত নিহত হোৱা অসামৰিক লোকসহ  ছগৰাকী আৰক্ষী বিষয়া-জোৱানৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয়। মহাবিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি কলা গৌৰৱ নাৰায়ণ ৰাভাৰ সঞ্চালনাত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত নটৰাজ পুৰস্কাৰ প্ৰাপক অভিনয় শিল্পী মাধৱ ৰাভাই ছহিদ বেদীত বন্তি প্ৰজ্জলন আৰু মাল্যাৰ্পণ কৰি ছহিদ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে । নাটাচাৰ্য পখিলা কলিতা, তক্ষশীলা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সম্পাদক জনাৰাম ৰাভা প্ৰমুখ্যে প্ৰশিক্ষক আৰু শিক্ষাৰ্থী সকলেও ছহিদ সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। নাটাচাৰ্য পখিলা কলিতাই আকোঁৰগোজ মনোভাৱ পৰিত্যাগ কৰি সমিলমিল ভাৱেৰ সীমা সমস্যাটো নিষ্পত্তি কৰিবলৈ অসম আৰু মিজোৰাম চৰকাৰক আহ্বান জনায়। by Amarjit Rabha