চেপন-চূণপোৰা সংযোগী দিচাং নৈৰ ভগ্ন দলঙত শোকাবহ দুৰ্ঘটনা

চেপন-চূণপোৰা সংযোগী দিচাং নৈৰ ভগ্ন দলঙত শোকাবহ দুৰ্ঘটনা

ৰঙিী বাৰ্ত্তাসেৱা- শিৱসাগৰ জিলাৰ চেপন-চূণপোৰা সংযোগী দিচাং নৈৰ ভগ্ন দলঙত শোকাবহ দুৰ্ঘটনা।দলঙৰ লোকনিৰ্মাণ বিভাগে দায়িত্বজ্ঞানহীনভাৱে জাপি থোৱা বালিভৰ্তি বস্তাৰ দ’মত খুন্দিয়াই অতি কৰুণ মৃত্যু এজন যুৱকৰ।জানিব পৰা মতে,কতা জয়া তিনিআলিৰ শ্ৰীমন্ত ফুকন নামৰ যুৱকজনে সন্ধিয়া সময়ত ৰুগীয়া পিতৃৰ বাবে ঘৰৰ পৰা ধিতাইপুখুৰীলৈ ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰিবলৈ আহিছিল৷ভঙা দলংখনৰ ওপৰত বাঁহেৰে সজা দলংখন পাৰ হৈ মূল দলংখনো পাৰ হোৱাৰ পিছত বিপদসংকুলভাৱে দলঙৰ মূৰত দ’মাই থোৱা বালিৰ বস্তাত খুন্দা মাৰি পকী পথত বাগৰি পৰি যুৱকজনৰ মৃত্যু হয়।দুৰ্ঘটনাৰ পিছতে দলঙৰ সমীপত স্থানীয় ৰাইজে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।