চুলিকোছা ভালে ৰাখিব কেনেকৈ·– ডাঃ বিজিতা চুতীয়া

pc-be fashinable

চুলিকোছা ভালে ৰাখিব কেনেকৈ·
ডাঃ বিজিতা চুতীয়া
বি. এ. এম. এচ., এম. ডি.
ষ্টেট কনচালটেণ্ট
ৰাষ্ট্ৰীয় আয়ুষ অভিযান

      আমাৰ চুলিকোছা অকল সৌন্দৰ্য্যৰ প্ৰতীকেই নহয়, ই আমাক মানসিক আনন্দও দিয়ে। চুলিকোছাই দৈহিক সৌন্দৰ্য্য বৃদ্ধি কৰাৰ উপৰি দেহৰ লগত বাহিৰৰ তাপমাত্ৰাৰ তাৰতম্য নিয়ন্ত্ৰণ কৰে। সেয়েহে আমাৰ শৰীৰৰ অপৰিহাৰ্য্য অংশ হিচাপে চুলিকোছাৰ যত্ন লোৱাটো খুব প্ৰয়োজন।
আজিকালি খুব কম বয়সতে ল’ৰা-ছোৱালীৰ চুলি পকা, চুলি সৰা সমস্যাই দেখা দিছে। আয়ুৰ্বেদ শাস্ত্ৰ অনুসৰি পিত্ত আৰুবাত দোষৰ বাবে চুলিৰ নানান সমস্যা যেনে- চুলি অকালতে পকা, চুলি সৰা, টকৈৗৱে খোৱা আদি সমস্যাৰ সৃষ্টি হয়। তদুপৰি সানসিক চাপ, পুষ্টিকৰ উপাদান যেনে- ভিটামিন-বি, ভিটামিন-চি, কপাৰ, আইৰণ,জিংক,ফলিক এচিড আদিৰ অভাৱ, ধূমপান, ধূলি, দীৰ্ঘদিন ধৰি মেলেৰিয়া জ্বৰ, টাইফইড, পেটৰ অসুখ আদিত ভূগি থকা ইত্যাদি কাৰণৰ ফলত চুলিৰ নানান সমস্যাই দেখা দিয়ে।
সাম্প্ৰতিক সময়ত বহুতৰ ক্ষেত্ৰত দেখা গৈছে যে ক’ভিড-১৯ ৰোগৰ পৰা আৰোগ্য লাভকৰাৰ পিছত চুলি সৰিবলৈ লৈছে। যাক চিকিৎসা বিজ্ঞানত “টেল’জেন ইফ্লুভিয়াম” বুলি জনা যায়। যিহেতু ক’ভিড-১৯ ত ভোগা লোকসকল অত্যধিক মানসিক চাপত ভোগে তেন ব্যক্তিৰ চুলি সৰাটো নিশ্চিত। এইটো কিন্তু স্থায়ী সমস্যা নহয়। এইক্ষেত্ৰত বায়’টিন চাপ্লিমেন্ট, চুলিৰ বাবে আৱশ্যকীয় মাল্টিভিটামিন, সূষম আহাৰ গ্ৰহণ কৰিলে কিছুদিনৰ পিছত পুনৰ মূৰলৈ চুলি আহে।
চুলিকোছা ভালে ৰাখিবলৈ কেইটামান টিপছ মানি চলো আহক-
1] পুষ্টিকৰ আহাৰ গ্ৰহণ কৰা- চুলিৰ বাবে প্ৰয়োজনীয় খাদ্যপ্ৰাণ, খনিজ পদাৰ্থ ইত্যাদিৰ অভাৱ ঘটিলে চুলিৰ নানান সমস্যাই দেখা দিয়ে। সেয়েহে আমি চুলিকোছা স্বাস্থ্যৱান কৰি ৰাখিবলৈ প্ৰতিদিনে নিৰ্দিষ্ট পৰিমাণৰ সূষম আহাৰ গ্ৰহণ কৰা দৰকাৰ। ইয়াৰ ভিতৰত –
i]ভিটামিন-বি – যথেষ্ট পৰিমাণে ভিটামিন-বি যুক্ত খাদ্য যেনে- পালেং,এভ’কেড, গজালি ওলোৱা মুগ, কমলাৰ ৰস আদি গ্ৰহণ কৰা উচিত।
ii] ভিটামিন-চি – ভিটামিন-চি য়ে স্বাস্থ্যৱান চুলিৰ বাবে প্ৰয়োজনীয় কলাজেন প্ৰস্তুত কৰাত সহায় কৰে। বিভিন্ন ধৰণৰ চাইট্ৰাচ ফল, বেৰী,ব্ৰকলি, আমলখি, ফুলকবি, পালেং, বিলাহী, মিঠা আলু আদিত ভিটামিন-চি পোৱা যায়।
iii] ভিটামিন-ডি – সূৰ্য্যৰ ৰশ্মিত যথেষ্ট পৰিমাণে ভিটামিন-ডি থাকে। সেয়েহে ৰাতিপুৱা সূৰ্য্যৰ ৰশ্মি গাত লগোৱাৰ উপৰিও ভিটামিন-ডি যুক্ত খাদ্য যেনে- তেলযুক্ত মাছ মেকেৰেল, টুনা, চালমন, কণীৰ কুহুম, চীজ আদি খোৱা দৰকাৰ।
iv] ভিটামিন-এ – ভিটামিন-এ য়ে আমাৰ চুলিত তৈলযুক্ত চিৰাম প্ৰস্তুত কৰাত সহায় কৰে যিয়ে চুলি শুকান আৰু পকা সমস্যাৰ পৰা বচায়। কণী, কমলা, গাজৰ, ব্ৰকলি, কড লিভাৰ তেল আদিত ভিটামিন-এ প্ৰচুৰ পৰিমাণে পোৱা যায়।
v) ভিটামিন-ই – ভিটামিন-ই য়ে চুলিকোছা সূৰ্য্যৰ প্ৰখৰ ৰশ্মিৰ পৰা বচাই ৰাখে। ই বাদাম জাতীয় ফল,সেউজীয়া শাক-পাচলি,পালেং, ব্ৰকলি আদিত উপলব্ধ।
vi] এন্টি অক্সিডেন্ট- এন্টিঅক্সিডেন্ট যেন- ফিনল, কেৰ’টিনয়ড, এনথ’চায়েনিন ইত্যাদি বিভিন্ন ধৰণৰ শাক-পাচলি, ফলমূল আৰু মছলাত নিবিত হৈ থাকে। যেনে- পিয়াঁজ, নহৰু, হালধি, ডালিম, ব্লুবেৰী, পালেং, ব্ৰকলি ইত্যাদি। পিয়াঁজ আৰু নহৰুত ছালফাৰ যথেষ্ট পৰিমাণে থাকে যিয়ে বিশেষভাৱে চুলি গজতো সহায় কৰে।
2] সূৰ্য্যৰ প্ৰখৰ ৰশ্মিৰ পৰা চুলিকোছা বচোৱা- সূৰ্য্যৰ প্ৰখৰ ৰশ্মি আৰু অতি বেঙুনীয়া ৰশ্মিয়ে চুলিত প্ৰাকৃতিকভাৱে থকা প্ৰতিৰোধী ক্ষমতা নষ্ট কৰি দিয়ে। সেয়েহে সূৰ্য্যৰ ৰশ্মিৰ পৰা বাচিবলৈ মূৰত টুপী পিন্ধা বা স্কাৰ্ফ এখনেৰে চুলিকোছা মেৰিয়াই লোৱা উচিত।
3] ধূমপান পৰিত্যাগ কৰা- ধূমপানে চুলি পকাত যথেষ্ট অৰিহণা যোগায়। গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে যিসকললোকে ধূপমাণ পৰিত্যাগ কৰে তেওঁলোকৰ অকালতে চুলি পকা সমস্যা যথেষ্ট প্ৰতিৰোধ হয়।
4] চুলিৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে ২.প্ত ১ পৰা ৩ লিটাৰ পানী খোৱাটো খুব আৱশ্যক।
5] মানসিক চাপৰ পৰা আঁতৰি থকা – যিসকল লোক অত্যাধিক মানসিক চাপত ভূগি থাকে তেনে ব্যক্তিৰ চুলি সৰা, চুলি পকা আদি সমস্যাৰ উপৰিও চুলি ৰুক্ষ হৈ পৰে। সেয়েহে মানসিক চাপ আঁতৰাবলৈ নিয়মিত যোগাভ্যাস কৰা উচিত।
6] চুলিৰ গুৰি সদায় পৰিস্কাৰকৈ ৰাখিব. সপ্তাহত কমেও 2-3 বাৰ চুলি হাৰ্বেল চেম্পুৰে ধুব লাগে। চুলি ধোৱাৰ সময়ত হাতৰ আঙুলিৰ তলুৱাৰে মূৰৰ তালু ভালকৈ ঘঁহিব লাগে। চুলি সদায় কুহুমীয়া গৰম বা ঠাণ্ডা পানীৰে ধুব লাগে। গৰম পানীৰে চুলি কেতিয়াও নুধুব। কাৰণ গৰম পানীয়ে চুলিৰ আদ্ৰতা আঁতৰাই চুলিকোছা শুকান কৰি তোলে।
7] চেম্পু সদায় চুলিৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি বাচনি কৰিব। প্ৰতিবাৰ চুলি ধোৱাৰ পিছত কণ্ডিচনাৰ ব্যৱহাৰ কৰিব. কণ্ডিচনাৰ লগাই ১০ মিনিটৰ বাবে ৰাখি ধুই দিব।
8] চুলিত তেল মালিচ কৰা – চুলিকোছা ঘন আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ সপ্তাহত এবাৰকৈ চুলিৰ তালুত তেল মালিচ কৰা উচিত। যিসকলৰ মূৰৰ তালু তেলেতীয়া তেনে লোকে চুলিত বেছিকৈ তেল লগোৱা অনুচিত। আনহাতে শুকান তালুৰ গৰাকীয়ে তেল লগাব লাগে। চুলি ধোৱাৰ আধাঘন্টা আগতে মূৰৰ তালুত তেল লগাব। আঙুলিৰ তলুৱাৰে মূৰৰ তালুত ভালকৈ মাচাজ কৰি আধাঘন্টা পিছত চেম্পুৰে ধুই দিব। ইয়ে চুলি উজ্জ্বল আৰু মিহি কৰি তোলে।
চুলিৰ বিভিন্ন সমস্যাৰ পৰা হাত সাৰি থাকিবলৈ তলত উল্লেখ কৰা প্ৰাকৃতিক বিধানসমূহ অৱলম্বন কৰোঁ আহক-
1] জবা ফুল, জবা ফুলৰ কুমলীয়া পাত, নাৰিকল তেলৰ লগত মিশ্ৰণ বনাই চুলিৰ গুৰিত ১৫ মিনিট ৰাখিলে চুলি মিহি হয়, চুলি গজে আৰু চুলি পকাৰ পৰাও উপশম পায়।
2] তিলৰ লেপন নিতৌ এবাৰকৈ লগালে চুলি লথকা ঠাইত চুলি গজিবলৈ লয়। তিলৰ তেল ব্যৱহাৰ কৰিলেও উপকৃত হয়।
3] আমলখিৰ ৰস, নেমুৰ ৰস একেলগে মিহলাই চুলিৰ গুৰিত ১৫ মিনিট সানি ৰাখি থৈ দিলে চুলি সৰা আৰু উফিৰ পৰা হাত সাৰিব পাৰি।
4] এলোভেৰাৰ ৰসৰ লগত সমান পৰিমাণৰ আমলখিৰ ৰস চুলিৰ গুৰিত ১৫ মিনিট ঘঁহি থৈ দিলে চুলিৰ গুৰিত হোৱা লেতেৰা হ্ৰাস পায়।
5] জেতুকাৰ পাত, পিয়াজ, মেথি পাউদাৰ, নাৰিকলৰ তেল সপ্তাহত দুবাৰকৈ ঘঁহিলে চুলি ক’লা হয়, চুলি সৰা বন্ধ হয়।
6] পিয়াঁজ আৰু নহৰু দি নাৰিকলৰ তেল গৰম কৰি অলপ কুহুলীয়া কৰি লৈ চুলিৰ গুৰিত ঘঁহিলে চুলি ঘন হয়, উজ্জ্বলতা বৃদ্ধি হয়।
7] কেই টুকুৰামান শুকান আমলখি, নাৰিকল তেলৰ লগত মিলাই উতলাই লৈ চুলিৰ গুৰিত মালিছ কৰিব।
8] বিভিন্ন ধৰণৰ ফলমূল যেনে- কমলা, আনাৰস,আপেল, নেমুটেঙা ইত্যাদি চুলিৰ বাবে যথেষ্ট উপকাৰী। কমলাৰ ৰস খোৱাৰ উপৰিও ইয়াৰ পেষ্ট চুলিত লগাব পাৰি। কমলাত থকা চাইট্ৰাচ এ ‘মেলানিন পিগমেন্ট’ উৎপন্ন হোৱাত সহায় কৰে যিয়ে চুলি পকা সমস্যা নোহোৱা কৰে।
গতিকে আমি উপৰোক্ত খাদ্যাভাস আৰু জীৱনশৈলীৰ পৰিৱৰ্ত্তনৰ জৰিয়তে আমাৰ চুলিকোছাৰ সৌন্দৰ্য্য অটুট ৰাখিব পাৰো।