চুটিগল্প- কইনা- অশ্লেষা শ্ৰাৱৰ্ণী, ৰহা

pc-Wedding Wire
চুটিগল্প:
কইনা~
পুৱা সূৰুযৰ প্ৰকোপত চকুহাল মেলি দেখিছে কোঠাটো বেলেগ, পৰ্দাৰ ৰঙ বেলেগ। এক সুকীয়া অনুভৱ। লগে লগে আকৌ এবাৰ জোৰকৈ চকুৰ পতা মুদি দীঘলকৈ উশাহ ল’লে। সমাজে বান্ধি দিয়া আন এটা নিয়ম আড়ম্বৰ্পূৰ্ণভাৱে পালন কৰি জীৱনৰ বাটচোৱাত এইবাৰ আন এগৰাকীৰ সৈতে খোজ দিব। আচল খন মেলি আইনাত মুখখন চাই শেপ ঢুকিলে।ক’লাৰ সলনি ৰঙা অকণমানি ফোট এটা কপালত সজাইছে। হয়তো সাজোন-কাচোনৰ মূল এতিয়াৰ পৰা পৃথক। ভিজা চুলিত গামোচা খন মেৰিয়াই, লাজৰে উৰণি খন টানি মিচিকিয়াই তাই হাহিলে। তাইৰ নিজকে ধুনীয়া যেন লাগিল।লাহে লাহে পায়েল ৰ শব্দ কৰি খোজ দিছে।  প্ৰস্তত তাই, ন-কইনা আৰু ন-বোৱাৰি ৰ দায়িত্ব লবলৈ। আজিৰ পৰা এক নতুন অধ্যায়।
Aslasha Shraborni, 2021
College of Fisheries,
Assam agriculture university,
Raha, Assam