চীনৰ হেনান প্ৰদেশত এহেজাৰ বছৰৰ ভিতৰত সবাধিক বৃষ্টিপাত

pc-bbc

চীনৰ হেনান প্ৰদেশত এহেজাৰ বছৰৰ ভিতৰত সবাধিক বৃষ্টিপাত

অনলাইন বাৰ্ত্তাসেৱা– মধ্য চীনৰ হেনান প্ৰদেশত অব্যাহত থকা বৃষ্টিপাতৰ ফলত ৰাজধানী ঝেংঝেসহ প্ৰায়বোৰ চহৰ-নগৰ পানীত বুৰ গৈছে। চীনৰ য়েল্লো নৈৰ পাৰৰ ১২ নিযুত বাসিন্দাৰ চহৰ ঝেংঝেত প্ৰবল বৃষ্টিপাতৰ ফলত হোৱা বান পৰিস্থিতিৰ বাবে এক লাখ লোকক নিৰাপদ স্থানলৈ স্থানন্তৰ কৰা হৈছে। ইতিমধ্যে বানৰ ফলত মৃত্যু হৈছে ১২ জনকৈ লোকৰ। চীনৰ বতৰ বিশেষজ্ঞসকলে আৰম্ভ হোৱা এই বৃষ্টিপাত বিগত এহেজাৰ বছৰৰ ভিতৰত সৰ্বাধিক বুলি কৈছে। চীনা ৰাষ্ট্ৰপতি সি জিনপিঙে ব্যক্ত কৰা মতে বহু নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাত বান্ধ ভাঙি অবৰ্ণনীয় বান পৰিস্থিতিৰ উদ্ভৱ হৈছে। by richa